প্ৰতিদিনেই শৰীৰত কৰ’না সংক্ৰমণৰ নতুন নতুন প্ৰভাৱৰ কথা ধৰা পৰিছে গৱেষণাত । চিকিৎসকসকলৰ দাবী, প্ৰতিষেধক গ্ৰহণ কৰা সকল বহু পৰিমাণে সুৰক্ষিত এই সমস্যাৰ পৰা । প্ৰতিষেধক গ্ৰহণ নকৰা সকলৰ এই সমস্যাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় সাত গুণ বেছি ।
সম্প্ৰতি ক্লিভলেণ্ড মেডিকেল চেণ্টাৰ হাস্পতাল বিশ্ববিদ্যালয়ৰ চিকিৎসকসকলে দেখিছে যে, কৰ’নাত আক্ৰান্তসকলৰ প্ৰতি এক লাখৰ ভিতৰত প্ৰায় ৮২ জনৰে ‘বেলছ্ পালছি’ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে । কিন্তু প্ৰতিষেধক গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত এই সংখ্যা কমি আহে প্ৰতি এক লাখত প্ৰায় ১৯জন ।
‘বেলছ্ পালছি’ কি ?
● এই ৰোগত উঠৰ এটা প্ৰান্তৰ তুলনাত অন্য প্ৰান্ত ফুলি যাব পাৰে ।
● চকুৰ আশে-পাশে পেশী শিথিল হৈ যাব পাৰে ।
● চকুৰ পতা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে ।
● হাঁহি বেকা হৈ যাব পাৰে ।
কৰ’নাৰ লগতে প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াক লৈও প্ৰতিদিনে সন্ধান চলি আছে । প্ৰতিষেধক গ্ৰহণ কৰাৰ ফলত ‘বেলছ পালছি’ হ’ব পাৰে নেকি সন্ধান কৰোঁতেই ধৰা পৰে যে কৰ’নাৰ বাবে এই সমস্যা হ’ব পাৰে । বিজ্ঞানীসকলে কয় যে, ভৱিষ্যতে কেৱল ক’ভিডৰ পৰা বাচিবৰ বাবেই নহয়, মুখৰ পক্ষাঘাতৰ দৰে সমস্যাৰ পৰা ৰক্ষা পাবলৈও এই প্ৰতিষেধক গ্ৰহণ কৰিব লাগে ।