চাওক টিকাকৰণৰ প্ৰমাণপত্ৰ-পাছপ’ৰ্ট নম্বৰ সংযোগ কৰাৰ পদ্ধতি

PASSPORT

টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু পাছপ’ৰ্ট নম্বৰ সংযোগ কৰাৰ সুবিধা আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে । ক’-উইন পৰ্টেলত নথি দুখন সংযুক্ত কৰিব পাৰি । আৰোগ্য সেতু এপৰ টুইটাৰ হেণ্ডেলত কোৱা হৈছে যে, ভেকচিন প্ৰমাণপত্ৰত পাছপ’ৰ্ট নম্বৰ আপডেট কৰিব পাৰি। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই বিদেশত বাস কৰা বা অধ্যয়ন কৰা ভাৰতীয়সকলক লাভান্বিত কৰিব। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত বহুতে এই সুবিধাৰ পৰা লাভান্বিত হ’ব ।

ভেকচিন প্ৰমাণপত্ৰত পাছপ’ৰ্ট নম্বৰ কেনেদৰে সংলগ্ন কৰিব ?

প্ৰথমে আপুনি ক’-উইন প’ৰ্টেললৈ যাব লাগিব । তাৰ পাছত ‘ৰেইজ অন ইছ্যু’ বিকল্পত ক্লিক কৰক । পাছত ‘পাছপ’ৰ্ট’ বিকল্পত ক্লিক কৰক । মেনুৰ পৰা যাৰ প্ৰমাণপত্ৰ সংযোগ কৰিব বিচৰে সেই ব্যক্তিজনক বাছনি কৰিব লাগিব । তাৰ পাছত পাছপ’ৰ্ট নম্বৰ দি বাকী থকা তথ্যসমূহ পূৰণ কৰি দাখিল কৰিব লাগিব ।

টিকা প্ৰমাণপত্ৰ আৰু পাছপোৰ্ট নম্বৰ কোনো কাৰণত ভুল নম্বৰ বা ভুল তথ্য দিয়া হ’লে কোনো সমস্যা নাই । ইয়াক ঠিক কৰিব পাৰি। অৱশ্যে, পাছপ’ৰ্ট নম্বৰ আৰু নাম পৰিৱৰ্তনৰ সুযোগ কেৱল এবাৰহে উপলব্ধ হ’ব । গতিকে আপুনি এই বিষয়ে সজাগ হ’ব লাগিব।

ভুল হ’লে কেনেদৰে সংশোধন কৰিব ?

প্ৰথমে আপুনি ক’-উইন প’ৰ্টেললৈ যাব লাগিব । তাৰ পাছত ‘ৰেইজ অন ইছ্যু’ বিকল্পত ক্লিক কৰক । পাছত ‘কাৰেকচন ইন চাৰ্টিফিকেট’ অপছনত ক্লিক কৰক আৰু আপুনি সম্পাদনা কৰিব বিচৰা ব্যক্তিজনক বাছনি কৰক । তাৰ পাছত বিকল্পটোৰ পৰা আপুনি ঠিক কৰিব বিচৰাখিনি বাছনি আৰু দাখিল কৰিব লাগিব ।

কেন্দ্ৰীয় চৰকাৰে জুনৰ আৰম্ভণিতে ক’ভিড টিকাকৰণৰ ওপৰত নতুন নিৰ্দেশনা ঘোষণা কৰিছিল । বিদেশলৈ যোৱাৰ বাবে পাছপ’ৰ্ট আৰু টিকাকৰণ প্ৰমাণপত্ৰৰ সংযোগ বাধ্যতামূলক কৰা হৈছে । বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত শিক্ষাৰ্থী, খেলুৱৈ আৰু চাকৰি প্ৰাৰ্থীসকলে টিকা প্ৰমাণপত্ৰৰ স’তে পাছপ’ৰ্ট নম্বৰ সংযোগ কৰাটো বাধ্যতামূলক ।

টকিঅ’ অলিম্পিকলৈ যোৱা খেলুৱৈসকলৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা থাকিব । প্ৰত্যেকজন খেলুৱৈয়ে টিকাকৰণৰ প্ৰমাণপত্ৰৰ স’তে পাছপৰ্ট সংযোগ কৰিব লাগিব।

Exit mobile version