পান-আধাৰ সংযোগৰ সময়সীমা বৃদ্ধি তিনি মাহলৈ, ৩০ ছেপ্টেম্বৰ অন্তিম দিন

887317 aadhaar pan dna 1

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি অহা ৩০ জুনত অন্ত পৰিব পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযুক্ত কৰাৰ সময়সীমা; কিন্তু এই সময়সীমা আৰু তিনি মাহ বৃদ্ধি কৰা হ’ল ।

ক’ভিড অতিমাৰীৰ বাবে এই পদক্ষেপ লোৱা বুলি সদৰী কৰে কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰে ।

পান আৰু আধাৰ সংযোজনৰ পদ্ধতিগত চৰকাৰী নিৰ্দেশাৱলী বিত্ত মন্ত্ৰণালয়ে আগবঢ়াইছে ।

Exit mobile version