ব্রিটিছ ৰাজ পৰিয়ালত জন্ম হলেও সেই পৰিয়ালৰ উত্তৰাধিকাৰ হিচাপে পুত্ৰৰ নামৰ স’তে ৰাজকীয় পদবী সংযােগ কৰিবলৈ অস্বীকাৰ কৰিলে যুৱৰাজ হেৰী আৰু যুৱৰাণী মেগান মর্কেলে।
ADVERTISEMENT
২০১৯ৰ ছয় মে’ত ব্রিটিছ ৰাজ পৰিয়ালত জন্মগ্রহণ কৰিছিল আর্চি হেৰিছনে। কিন্তু ব্রিটিছ যুৱৰাজৰ দৰে ৰাজকীয় পদবী সংযােজিত কৰা নহ’ব আৰ্চিৰ নামৰ স’তে।
হেৰী আৰু মেগানে এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি জনােৱা মতে, তেওঁলােকে স্বইচ্ছাৰে ব্রিটেইনৰ ৰাজ পৰিয়ালৰ মর্যাদা ত্যাগ কৰিছিল আৰু ৰাজ পদবীও প্রত্যাহাৰ কৰিছিল।
এই কাৰণতে তেওঁলােকৰ সন্তানৰ নামৰ স’তেও ব্রিটিছ ৰাজ পদবী সংযােজন কৰা নহ’ব বুলি হেৰী-মেগানে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ব্রিটিছ ৰাজ পৰিয়ালৰ সদস্য হলেও আর্চি কেতিয়াও ৰাজপুত্র হিচাপে বিবেচিত নহ’ব।