পৰম্পৰা অনুসৰি ‘লিভ-ইন’ সম্পৰ্কত থাকে এক উপজাতিৰ যুৱক-যুৱতী

প্রায় এহেজাৰ বছৰৰ পৰাই চলি আহিছে এই ৰীতি

live in relationship

দেশৰ নগৰ-মহানগৰ সমূহত যুৱক-যুৱতীয়ে বিবাহৰ পূর্বে একেলগে থকাটো আজিকালি নতুন কথা হৈ থকা নাই। কোনাে প্রণয় যুগলে নিজৰ ইচ্ছাত বিয়াৰ মণ্ডপত বহাৰ পূর্বেই একেলগে থকা কথাবােৰ আজিৰ যুগত স্বাভাৱিক হৈ পৰিছে।

এই ক্ষেত্ৰত চহৰ অঞ্চলৰ প্রতিবেশীৰ আজিকালি ভ্র কোঁচ নাখায়। প্রণয় যুগল হেজাৰ প্ৰশ্নৰাে সন্মুখীন হ’ব নালাগে। যুৱগ স’তে তাল মিলাই আগবাঢ়িছে আধুনিক সমাজে। অৱশ্যে গ্রামাঞ্চলৰ ক্ষেত্ৰত আজিও ছবিখন ভিন্ন।

গাঁও অঞ্চলত ‘লিভ-ইন’ সম্পর্ক দূৰৰে কথা, এহাল যুৱক-যুৱতীয়ে একেলগে ঘূৰি ফুৰিলেই বহুতে তেওঁলােকক ভাল চকুৰে নাচায়। অথচ আমাৰ দেশতে এনে এক উপজাতি আছে,যাৰ মাজত লিভ-ইন’ সম্পর্কত থকাটো কোনাে আলােচনাৰ বিষয়েই নহয়।

স্বয়ং পৰিয়ালৰ লােকেই এই সম্পর্কত সন্মতি প্রদান কৰে। আনকি সংগী নির্বাচনৰ বাবে মেলাৰাে আয়ােজন কৰা হয়। ৰাজস্থানৰ গাৰাছিয়া উপজাতিৰ মাজত চলি আহিছে এই পৰম্পৰা।এক সর্বভাৰতীয় সংবাদ মাধ্যমে জনােৱা মতে, এই গাৰাছিয়া উপজাতিয়ে ৰাজস্থানৰ উপৰি গুজৰাটৰ এটা অংশত বাস কৰে।

ৰাজস্থানৰ পালি, ছিৰােহী, উদয়পুৰ আৰু দুংগাৰপুৰ জিলা আৰু গুজৰাটৰ সবৰকণ্ঠ আৰু বনশকণ্ঠ জিলাত এই উপজাতিৰ বসবাস। এই উপজাতিৰে যুৱক- যুৱতীয়ে “লিভ-ইন’সম্পর্কত থকাৰ নিয়ম আছে। জনা গৈছে যে বিগত এহেজাৰ বছৰ ধৰি তেওঁলােকৰ মাজত এই পৰম্পৰা চলি আহিছে।

এই ৰীতি অনুসৰি বিবাহ অবিহনেই এহাল যুৱক-যুৱতীয়ে একেলগে বাস কৰিব পাৰে। উপজাতিটোৰ মাজত অৱশ্যে বিয়াৰ ৰীতিও আছে। তথাপি এনে বহু লােক আছে, যিসকল বিয়াত বিশ্বাসী নহয়। অর্থাৎ তেওঁলােকে বিয়া কৰাব নিবিচাৰে।

সেয়ে তেনে লােকে ইচ্ছা কৰিলে বিয়া নকৰােৱাকৈ পছন্দৰ সংগীৰ স’তে ‘লিভ-ইন’ সম্পর্কত থাকিব পাৰে। অৱশ্যে তেনেদৰে থকা অৱস্থাত যদি তেওঁলােকৰ কোনাে সন্তান জন্ম হয়, তেনেহলে সন্তানৰ দায়িত্ব পিতৃ-মাতৃ উভয়েই গ্রহণ কৰিব লাগিব ইয়াতেই শেষ নহয়,সংগী নির্বাচনৰ বাবে বিশেষ মেলাও বহে।

সেই মেলাৰ পৰাই পছন্দৰ সংগী বিচাৰি লৈ পলায়ন কৰাটোৱেই এই উপজাতিৰ ৰীতি। পৰৱৰ্তী সময়ত তেওঁলােকে ‘লিভ-ইন’ যুগলৰূপে গাঁৱলৈ উভতি আহে। অৱশ্যে ইয়াত কিছু চর্তও আছে। ‘লিভ ইন’ সম্পর্ক আৰম্ভ হােৱাৰ পূর্বে যুৱতীগৰাকীৰ পৰিয়ালে যুৱকৰ পৰিয়ালৰ দাবী অনুসাৰে কিছু ধন আদায় দিব লাগে।

অৱশ্যে পৰৱৰ্তী সময়ত যদি সেই যুগলে বিয়া কৰাব খােজে,তেতিয়া বিয়াৰ সমস্ত খৰচ যুৱকৰ পৰিয়ালে বহন কৰিব লাগে।

Exit mobile version