মানসিক চাপ কমিলেই বগা চুলি পুনৰ ক’লা হয়

নতুন গৱেষণাত উঠি আহিল অকাল বার্ধক্যৰ কাৰণ

68740725

কম বয়সতে চুলিৰ ৰং ধূসৰ বা সম্পূর্ণ বগা হৈ পৰাটো আজিকালি প্রায় স্বাভাৱিক কথা হৈ পৰিছে । অধিকাংশ লােকেই চুলিৰ এই অকাল পক্কতা ঢাকিবলৈ বিভিন্ন ৰঙৰ আলম লয় ।

আয়নাৰ সন্মুখত থিয় হৈ মূৰৰ পকা চুলিখিনিলৈ চাই হা-হুমুনিয়াহ কাঢ়ি থাকে। অকালতে চুলি পকাৰ বাবে মানুহে বিভিন্ন কাৰণ ব্যাখ্যা কৰে। শেহতীয়াকৈ এক গৱেষণাত পােৱা গ’ল ক’লা চুলি বগা হােৱাৰ অন্তৰালত থকা এক কাৰণ, লগতে জনা গল বগা চুলি পুনৰ ক’লা হৈ উঠাৰ সম্ভাৱনাৰ কথাও ।

মানসিক চাপ, অৱসাদ দূৰ হ’লে ধূসৰ চুলিয়ে পুনৰ নিজৰ ৰূপ ঘূৰাই পায়। অর্থাৎ উভতি আহে স্বাভাৱিক কলা ৰং, ছন্দলৈ। এই ক্ষেত্ৰত লাভান্বিত হয় অকালতে চুলি পকা লােকসকল ।

এক চকুত লগা গৱেষণাই সম্প্রতি এই মন ভাল লগা খবৰ প্ৰকাশ কৰিছে । ইমান দিনে সকলােৰে মনত এক বদ্ধমূল ধাৰণা আছিল যে চুলি এবাৰ পকা মানেই আৰু কেতিয়াও পুৰণি ৰূপ ঘূৰাই নাপায় । গৱেষণাৰ বিষয়বস্তুৱে সেই বদ্ধমূল ধাৰণাতে আঘাত লগা বুলি মন্তব্য কৰিছে বিশেষজ্ঞ মহলৰ একাংশই ।

এই নতুন গৱেষণা পত্ৰখন প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ই-লাইফ’ত । এই গৱেষণা পত্রই ইতিমধ্যে সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ মূল কাৰণ হৈছে অলপতে এন্দুৰৰ ওপৰত পৰীক্ষা চলাই আন এদল গৱেষকে দেখিছিল যে মানসিক চাপ কমালে সিবােৰৰ চুলি বা গাৰ নােমে আগৰ ৰং ঘূৰাই নাপায় ।

এন্দুৰৰ ক্ষেত্ৰত আমাৰ মনত থকা চুলি পকিলে পুনৰ ক’লা নহয় বােলা ধাৰণাটোৰে প্রমাণ মিলাত সকলােৱেই হতাশ হৈছিল । কিন্তু এই গৱেষণাই পুনৰ আশাৰ পােহৰ দেখুৱালে । মূল গৱেষক আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ‘ভেগেল’ছ কলেজ অৱ ফিজিচিয়ান্স এণ্ড ছাৰ্জন্স’ৰ চাইক্রিয়াট্রি আৰু নিউৰ’লজী বিভাগৰ সহযােগী প্রফেচাৰ মার্টিন পিকার্ডে কয়, ‘গভীৰ মানসিক চাপ, অৱসাদত ‘বুঢ়া চানেকীয়া হৈ পৰা’ ধূসৰ ৰঙৰ চুলি চাপ, অৱসাদমুক্ত হােৱাৰ পাছত কিদৰে আকৌ তৰুণ’ হৈ উঠে, ঘূৰি আহে নিজৰ পুৰণি কলা ৰঙলৈ; সেয়া বুজিব পাৰিলে হয়তাে আগন্তুক দিনত সঠিকভাৱে বুজিব পৰা যাব অকাল বার্ধক্যৰ বাবে মানসিক চাপ, অৱসাদ কিয় আৰু কিমান দায়ী ।

ঠিক কিমান পৰিমাণৰ মানসিক চাপে চুলিৰ ৰং সলনি কৰে, এই প্রথম তাৰ পৰিমাণগত বিশ্লেষণ কৰা হৈছে এই গৱেষণাত । গৱেষকসকলে দেখিছে যে মানুহৰ মূৰত চুলিৰ উৎপত্তি আৰু গজি উঠাৰ বাবে মূল ভূমিকা থাকে মানৱদেহৰ কিছুমান প্র’টিন আৰু কোষত থকা মাইট’কনড়িয়াৰ ।

প্ৰতিডাল চুলিৰ দৈর্ঘৰ হ্রাস-বৃদ্ধি আৰু চুলিৰ ৰং সলনিত বৃহৎ ভূমিকা থাকে প্র’টিনসমূহৰ মাত্ৰাৰ হ্রাস- বৃদ্ধিত । মানসিক চাপ, অৱসাদ বাঢ়িলে সেই প্রটিনসমূহৰ মাত্ৰাত অস্বাভাৱিকতা দেখা যায়। তেতিয়াই চুলিৰ ৰং ধূসৰ হৈ পৰে । সেয়ে মানসিক চাপ কমিলে যেতিয়া প্র’টিন সমূহৰ মাত্রা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে, গৱেষকসকলে দেখিছে যে তেতিয়াই মূৰৰ চুলিও ঘূৰি আহে নিজৰ কলা ৰঙৰ অৱস্থালৈ।

Exit mobile version