চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৰোগীৰ খাদ্য যোগানত দুৰ্নীতিৰ অভিযোগ, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগীৰ খাদ্য যোগানৰ নামত ঠিকাদাৰৰ দুৰ্ণীতিৰ অভিযোগ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ।

বিধায়ক জনে কয় যে ,হঠাতে বিশেষ কামত তেওঁ কাজলগাঁওস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত আহিছিল ঠিক সেই সময়তে ক’ভিডৰোগী সকলৰ মাজত খাদ্য বিতৰণৰ বাবে আহে।

তেতিয়াই পোহৰলৈ আহে ক’ভিড ৰোগীক খাদ্য যোগানৰ নামত হোৱা অনিয়ম । প্ৰতিজন ক’ভিডৰোগীৰ এসাজ খোৱাৰ বাবে চৰকাৰে ৩০০ টকাকৈ ধাৰ্য্য কৰিছে যদিও কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৰোগিক যোগান ধৰা খাদ্য মাথো ১০০ টকাৰো নহব বুলি অভিযোগ উত্থাপন হৈছে।

কে’বাজনো ক’ভিড ৰোগিয়ে বিধায়ক জনক অভিযোগ কৰি কয় যে প্ৰতি সাজতে অতি কম পৰিমাণৰ দালি,ভাত কেৰেলা ভাজি আৰু তিতা কেৰেলা ভাজি দি আহিছে। যি পৰিমানৰ শ্বজি দিয়ে তাৰে এজন লোকে ভাত খোৱা সম্ভৱ নহয় ।

সেয়ে লগে লগে বিষয়টো বিধায়ক জনে গুৰুত্ব সহকাৰে লৈ চিৰাং জিলা উপায়ুক্তক অৱগত কৰে আৰু তৎকালিন ভাৱে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে। লগতে ঠিকাদাৰ জনে ক’ভিড ৰোগীৰ খাদ্য যোগানৰ নামত হেমাহি কৰা আৰু দুৰ্ণীতি কৰা বিষয়টোৰো তদন্ত হব বুলি জনায় বিধায়ক জনে।

বিধায়ক জয়ন্ত বসুমতাৰীয়ে আৰু কয় যে এনেই চিৰাঙৰ সাধাৰণ লোক সকলে ক’ভিড পৰিক্ষা আৰু প্ৰতিষেধক লোৱাৰ পৰা আতৰি থাকে যাৰ বাবে চিৰাং জিলাত প্ৰতিষেধক প্ৰদানৰ হাৰ কম।

এনে অৱস্থাত কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিডৰোগী সকলক খাদ্য যোগানৰ নামত এই ধৰণৰ অন্যায় কৰিলে সমাজত বিৰূপ প্ৰতিক্ৰীয়া হব বুলিও কয়।

সেয়ে চৰকাৰী ভাৱে খাদ্য যোগানৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা লোৱাৰ কথা জনায় বিধায়ক জনে। বঙাইগাঁওৰ হোটেল ৰাজ পেলেচৰ স্বত্বাধিকাৰীয়ে জেএচবি অসামৰিল চিকিৎসালয়ৰ খাদ্য যোগানত ঠিকা লাভ কৰি এই দৰে খাদ্য যোগান ধৰিছিল বুলিও জনায় বিধায়ক জয়ন্ত বসুমতাৰীয়ে।

Exit mobile version