জন্মভূমিক প্ৰণাম কৰি ৰাষ্ট্ৰপতিয়ে কয়, ‘সপোনতো কল্পনা কৰা নাছিলো’

E43vt3ZVEAIB8ja 1624782583124 1624782618862

জন্মভেটিত ভৰি ৰাখিয়ে আঠুকাঢ়িলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।যিখন গাওঁত তেওঁৰ জন্ম হৈছিল সেইখন গাঁওৰ ধূলি হাতত লৈ মূৰত ৰাখিলে কোবিন্দে।

ADVERTISEMENT

জন্মভূমিক প্ৰণাম কৰি তেওঁ কয়, “মই কোনোদিনে ভবা নাছিলো যে এনেদৰে এজন সাধাৰণ গাওঁৰ ল’ৰাই দেশৰ সৰ্বোচ্চ প্ৰশাসনিক পদৰ দায়িত্ব লাভ কৰিব । কিন্তু গণতান্ত্ৰিক ব্যৱস্থাই এই বিষয়টো বাস্তৱত পৰিণত কৰি তুলিছে ।”

দেওবাৰে দুপৰীয়া কানপুৰৰ জন্মভেটিত পাৰাউংখ গাঁৱত উপস্থিত হৈছিল ৰামনাথ কোবিন্দ। গাওঁখনৰ পাথ মন্দিৰলৈ গৈছিল তেওঁ । তাৰ পাছত তেওঁ আম্বেদকাৰ ভৱনলৈও গৈছিল। কোবিন্দৰ ভ্ৰমণৰ স’তে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত আছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “দীৰ্ঘ যাত্ৰাত সকলো সময়তে মোৰ স’তে সংগী হৈছে জন্মভূমিৰ গোন্ধ। এই গাওঁখনৰ স্মৃতি মোৰ হৃদয়ত সদায় বিদ্যমান আছে। এই গাওঁখন কেৱল এখন গাওঁ নহয় মোৰ বাবে। এই গাওঁখনে মোক সদায় আগবাঢ়ি যাবলৈ সাহস যোগাই আহিছে । ”

সোমাবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্ণৌ ভ্ৰমণ কৰিব। তাৰ পাছদিনা, অৰ্থাৎ মঙলবাৰে আম্বেদকাৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব।

Exit mobile version