দিনটোৰ ৰাশিফল

daily horoscope 1

মেষ : সামাজিক সংযােগত কিছু উন্নত ফল। বিদ্যাত মধ্যম। শৰীৰ সম্পর্কে সাধাৰণ চিন্তা থাকিব। আগন্তুকৰ বাবে উৎকণ্ঠা তথা উৎসাহ। শুভ ৰং নীলা বা বগা।

বৃষ : কর্মস্থানত বিশেষ জটিলতা দেখা নাযায়। আর্থিক বিশেষ সমস্যা নহ’লে খৰচ ৰােধ কৰাটো টান হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। শুভ ৰং বগা।

মিথুন : কিছু উদ্বিগ্নতা। দুটাৰ পাছত ধীৰে ধীৰে উন্নত। প্রিয় বন্ধু-বান্ধৱৰ সংগত সুখ। বিদ্যাতাে মধ্যম। শৰীৰ সম্পৰ্কীয় ভাবনা থাকিব। শুভ ৰং হালধীয়া।

কর্কট :আর্থিক সম্পর্কীয় কোনাে সমস্যাৰ হয়তাে কিবা সিদ্ধান্ত হ’ব পাৰে। ব্যৱসায়িক উন্নতিৰ কাৰণে কর্মস্থানত বাস্ততাৰ সুফল। পাৰিবাৰিক অস্থিৰতা থাকিব। শুভ ৰং কলা।

সিংহ : শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাৰ পৰা টান হ’ব। উৎপাদিত সামগ্রীৰ কিছু লােকচান। নিবনুৱাৰ আশাপূর্ণ সংযােগ। শুভ ৰং কমলা বা ৰঙা।

কন্যা : কর্মস্থানত আপােনাৰ যােগ্যতা প্রতিপন্ন হ’ব। কোনাে চেষ্টাকাৰীয়ে নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে। ঘৰুৱাত বিশেষ সমস্যা নাই। শুভ ৰং কমলা।

তুলা : শৰীৰ তথা মানসিক উদ্বেগ আদিত ভুগিম পাৰে। ভাই-ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব। কর্মক্ষেত্ৰত উদ্বেগ সামান্য থাকিব। শুভ ৰং পাতল সেউজীয়া।

বৃশ্চিক : দিনটোত কোনাে কাৰণে শুভ বুদ্ধিৰ উদয় হ’ব। সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব। পঢ়া-শুনাত বেয়া ফল দেখা নাযায়। বৈবাহিক জীৱনত মতবিৰােধ। শুভ ৰং গেৰুৱা।

ধনু : কোনাে আবেগ সংকুল কথাত যাতে মন বিমর্ষিত হ’ব নালাগে। সাৱধান হওক। স্ব-ব্যৱসায় আদি নিৰাশ হ’ব নালাগিব। শুভ ৰং গােলপীয়া।

মকৰ : কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্রাধান্য দিয়ক। আনৰ এপৰত বেছি নিৰ্ভৰ নকৰিব। মামলা মােকদর্মত জড়িত হ’ব পাৰে। শুভ ৰং পাতল সেউজীয়া।

কুম্ভ : আর্থিক উন্নতিৰ বাবে পথ মুকলি হ’ব পাৰে। শিল্পকলা, চিত্রকলা আদিত দক্ষতা দেখুৱাব পাৰিব। বিদ্যালাভ। কর্মযােগ তথা আর্থিক ক্ষেত্রত শুভ। শুভ ৰং ক্রীম।

মীন : আজিৰ দিনটো দুই-এটা নিদাৰুন সংযােগ বা সমস্যাৰ উন্নতি দেখিব)। কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব। শুভ ৰং বগা।

Exit mobile version