দুই ধৰণৰ প্ৰতিষেধকে ক’ভিডৰ বিৰুদ্ধে বেছি কাম কৰে

ভাৰততো মিশ্ৰিত টিকাকৰণৰ পোষকতা এইমছ্ মুৰব্বীৰ

Vaccinations hero

কৰ’না ভাইৰাছৰ প্ৰাবল্য ৰোধ কৰিবলৈ মিশ্ৰিত টিকাকৰণত গুৰুত্ব আৰোপ কৰিছে একাধিক দেশে । ভাৰততো তেনে সম্ভাৱনাক উলাই কৰা নাই সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্)ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই । দুবাৰত দুই ধৰণৰ প্ৰতিষেধকৰ পোষকতা কৰি গুলেৰীয়াই মন্তব্য কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অধিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন বুলিও এইমছৰ মুৰব্বীজনে মন্তব্য কৰিছে ।

উল্লেখ্য যে কৰ’নাৰ ডেল্টা আৰু ডেল্টা প্লাছ প্ৰজাতিক কেন্দ্ৰ কৰি নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে । তাৰ লগতে কৰ’নাৰ তৃতীয় লহৰৰ আশংকাই বাৰুকৈয়ে চিন্তিত কৰি তুলিছে চিকিৎসকলক । ইয়াৰ বাবেই বহুতে মিশ্ৰিত প্ৰতিষেধকৰ পক্ষে মত আগবঢ়াইছে । এই সন্দৰ্ভত ডাঃ গুলেৰীয়াই কয়, ‘প্ৰথাথমিক পৰীক্ষাত এনে উপায়ৰ কথা উঠি আহিছে । অৱশ্যে আৰু তথ্যৰ প্ৰয়োজন আছে । কোন দুটা মিশ্ৰণ কাৰ্যকৰী হ’ব পাৰে, তাক লৈ গৱেষণা হোৱাৰ দৰকাৰ আছে । অৱশ্যে এইটো ঠিক যে মিশ্ৰিত প্ৰতিষেধকৰ কাৰ্যকাৰী হোৱাৰ সম্ভাৱনা ‌প্ৰৱল ।’

ভাৰতত কৰ’নাৰ ডেল্টা প্লাছ প্ৰজাতিক লৈ উদ্বেগৰ অন্যতম কাৰণ হৈ পৰিছে প্ৰতিষেধকৰ দুটা পালিৰ মধ্যৱৰ্তী সময়ৰ বৰ্ধিত ব্যৱধান । ইয়েই দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে । যোৱা মাহতে কেন্দ্ৰীয় চৰকাৰে দুই পালি প্ৰতিষেধকৰ ব্যৱধান ১২ৰ পৰা ১৬ সপ্তাহলৈ বৃদ্ধি কৰিছিল, যি ব্যৱধান আগতে আছিল ছয়ৰ পৰা আঠ সপ্তাহ ।

ক’ভিশ্বিল্ড আৰু ক’ভেক্সিন, এই দুই প্ৰতিষেধকৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য বুলি কেন্দ্ৰ‌ই জনাইছিল । এইমছৰ সঞ্চালক ডাঃ গুলেৰীয়ায়ো এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে । যিসকলে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিছে, কৰ’নাৰ ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট নহ’ব‌ও পাৰে বুলি ধাৰণা কৰিছে । গৱেষণাতো দেখা গৈছে যে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিলে কৰ’নাৰ বিৰুদ্ধে ৩৩ শতাংশ নিৰাপত্তা পোৱা যায় । দুটা পালিৰ ক্ষেত্ৰত ৯০ শতাংশ নিৰাপত্তা পোৱা যায় ।

ডাঃ গুলেৰীয়াই কয়, এয়া সঁচাকৈয়ে উদ্বেগৰ বিষয় যে ডেল্টা প্ৰজাতিৰ বিৰুদ্ধে প্ৰাথমিক টিকাকৰণ হয়তো যথেষ্ট নহয় । নিৰাপত্তা নিশ্চিত কৰিবলৈ যিমান সোনকালে সম্ভৱ বুষ্টাৰ ড’জ দিয়া যায়, সিমানেই ভাল ।’ জাৰ্মান চৰকাৰে ইতিমধ্যেই অতিমাৰী ৰোধৰ বাবে মিশ্ৰ প্ৰতিষেধকৰ পোষকতা কৰিছে ।

জাৰ্মানীৰ চেঞ্চেলৰ এংগেলা মাৰ্কেলে নিজে প্ৰথমে এষ্ট্ৰাজেনেকাৰ দ্বাৰা তৈয়াৰী প্ৰতিষেধক লৈছিল । প্ৰতিষেধকৰ দ্বিতীয় পালিৰ বাবে তেওঁ আমেৰিকাৰ মডৰ্নাই তৈয়াৰ কৰা প্ৰতিষেধক বাছি লয় । আমেৰিকাত ২৮ দিনৰ ব্যৱধানত ফাইজাৰ আৰু মডাৰ্নাৰ মিশ্ৰ প্ৰতিষেধক দি থকা হৈছে ব্ৰিটেইনতো বিশেষ বিশেষ ক্ষেত্ৰত মিশ্ৰ প্ৰতিষেধক গ্ৰহণত অনুমতি প্ৰদান কৰা হৈছে ।

Exit mobile version