বিজেপিৰ স’তে চামিল হ’ব নেকি বিপিএফ ?

বড়োভূমিত নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত

photo 1

এইবাৰ বড়োভূমিত এক ৰাজনৈতিক সমীকৰণক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা । সম্প্ৰতি চলি থকা চৰ্চা অনুসৰি সদ্য সমাপ্ত ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ বিপিএফৰ স’তে শাসকীয় বিজেপিৰ পুনৰ যোগাযোগ আৰম্ভ হৈছে ।

সূত্ৰত প্ৰকাশ যে বিজেপিয়ে বিপিএফক চামিল হ’বলৈ প্ৰস্তাৱ দিছে । বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ স’তে এই যোগাযোগ অব্যাহত আছে বুলি সূত্ৰত প্ৰকাশ । বিপিএফৰ এক সূত্ৰ‌ই এই সন্দৰ্ভত ‘দৈনিক অগ্ৰদূত’ক কয়, ‘আমি বৰ্তমান পৰিষদ পৰিচালনা কৰি থকা নাই যদিও যিকোনো মুহূৰ্ততে পুনৰ পৰিষদ দখল কৰিব পৰাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব পাৰে । এই পৰিপ্ৰেক্ষিতত শাসকীয় বিজেপিৰ স’তে সম্পূৰ্ণৰূপে বিলীন হোৱাৰ বিষয়টো বিবেচনা হৈ আছে । অৱশ্যে আমি বিজেপিৰ স’তে পুনৰ মিত্ৰতাৰ বাবে সম্পূৰ্ণ সাজু ।’

সূত্ৰটোৰ মতে বিটিচিত এতিয়াও বিপিএফৰ গণভিত্তি শক্তিশালী হৈয়ে আছে । সূত্ৰটোৱে কয় যে বিগত পৰিষদীয় নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিপিএফ ইউপিপিএলৰ হাতত পৰাজিত হয় যদিও আঞ্চলিক দল হিচাপে এতিয়াও ভিত্তি যথেষ্ট শক্তিশালী । সেয়েহে দলৰ বিধায়কসকল আৰু নিৰ্বাচিত বিধায়কসকলক লৈ সম্পূৰ্ণৰূপে বিজেপিত যোগদান কৰাটো এক প্ৰত্যাহ্বানৰ বিষয় । তথাপিও দলে ক্ষমতা ঘূৰাই অনাৰ স্বাৰ্থত সকলো দিশ চালি-জাৰি পৰ্যালোচনা কৰি আছে বুলিও সূত্ৰটোত কয় ।

মনকৰিবলগীয়া যে, এনে হ’লে পৰিষদৰ নেতৃত্ব‌ও সলনি হোৱাৰ সম্ভাৱনাও প্ৰকট হ’ব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে । বিজেপিৰ এক সূত্ৰত প্ৰকাশ যে অসম বিধানসভাত দলত একক সংখ্যাগৰিষ্ঠৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিপিএফক চামিলৰ প্ৰস্তাৱ দিয়া হৈছে ।

আনহাতে, বিপিএফৰ সূত্ৰটোৱে কয়, ‘দলে-বলে বিজেপিত যোগদান কৰাৰ লগতে পৰিষদৰ নেতৃত্ব সলনি হোৱাকো নিশ্চিত । এই ক্ষেত্ৰত বৰ্তমানৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োক উপ-নিৰ্বাচনত জয়ী কৰাই বিধানসভালৈ নিয়াৰ চিন্তা-চৰ্চাও চলিছে বুলি আমি জানিব পাৰিছো । কিন্তু সকলো সম্ভাৱনা থাকিলেও আমাৰ সন্মুখত এতিয়া প্ৰধান সমস্যা হ’ল বিপিএফক পৰিত্যাগ কৰি বিজেপিত বিলীন হোৱাৰ বিষয়টো । চূড়ান্ত সিদ্ধান্ত ল’বলৈ সেয়েহে আমাক কিছু সময়ৰ প্ৰয়োজন আছে ।’

সূত্ৰটোৱে লগতে দাবী কৰে যে, এই ক্ষেত্ৰত ৰাইজৰ মতামত গ্ৰহণ কৰি থকা হৈছে । ‘ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ আমি শাসকীয় দলৰ স’তে আলোচনা কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হ’ব বুলি দৃঢ় বিশ্বাসী ।’ ইপিনে, আজি গুৱাহাটী মহানগৰীত বিৰোধী মহাজোঁটৰ সংবাদমেলত অংশীদাৰ দল হৈও বিপিএফ উপস্থিত নথকাক লৈ জল্পনা-কল্পনাই অধিক তীব্ৰ গতি লাভ কৰিছে ।

Exit mobile version