ভূবননগৰত ভিডিপিৰ হাতত গৰুসহ চোৰ আটক

WhatsApp Image 2021 06 27 at 7.01.56 PM

কোকৰাঝাৰ জিলাৰ চিথিলা পহৰাদাৰী চকীৰ অধিনত ভূবননগৰ গাওঁত শনিবাৰে নিশা গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা অৱস্থাত এহাল গৰুসহ এজন চোৰক আটক কৰিবলৈ সক্ষম হৈছে।

চোৰজনক আটক কৰাৰ পাছত ভূবননগৰ গাঁওৰক্ষী বাহিনীয়ে চিথিলা পহৰাদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশ্বিনী ৰায়ক টেলিফোনযোগে মাতি নি গৰুসহ চোৰজনক আৰক্ষীৰ হাতত গতাই দিয়ে।

চিথিলা আৰক্ষীয়ে চোৰজনক গৰুসহ থানা অভিমূখে লৈ অহা অৱস্থাত হেণ্ডকাফ সহ চোৰজন কূটনৈতিকভাবে পলাই যায়। চোৰজন হেণ্ডকাফ সহ পলাই যোৱাৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰে ।

চোৰজন পলাই যোৱাৰ পাছত আৰক্ষী হতভম্ব হয় পৰে আৰু ৰাতিপুৱাৰ পৰাই বিভিন্ন গাওঁৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত চোৰজনক বিচাৰিবলৈ আৰম্ভ কৰে আৰু ভাওঁৰাগুৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবৰাজ কলিতা, প্ৰতাপখাতা গাওঁৰক্খী বাহিনী,চৌতাৰা গাওঁৰক্খী বাহিনী,ৰূপসী গাওঁৰক্খী বাহিনী, মান্দাৰপাৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত দোতমা থানাৰ অধিন বাইগোনবাৰী গাওঁৰ পৰা কৰায়ত্ত কৰে।

গৰুচোৰজনক কৰায়ত্ত কৰি চিথিলা পহৰাদাৰী চকীত অনাৰ পাছত চিথিলা প্ৰাথমিক স্বাস্থ্যকেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰি চোৰজনক ফকিৰাগ্ৰাম থানালৈ প্ৰেৰণ কৰে। তথ্য অনুসৰি চুৰি হোৱা গৰুহাল ভাওঁৰাগুৰী উপ আৰক্ষী চকীৰ অধিন আমিনকাটা গাওঁৰ ।

ৰাজ্যত চলি থকা তলাবন্ধ আৰু নৈশ সান্ধ্য আইন চলি থকাৰ পাছতো নিশাৰ ভাগত গৰু চুৰে গৰু চুৰ কৰি ৰমৰমীয়া বেহা চলাইছে বুলি সচেতন মহলে অনুমান কৰিছে।

Exit mobile version