চীনত সন্ধান পোৱা গৈছে এক লাখ ৪০ হেজাৰ বছৰ আগৰ ‘ড্ৰেগন মেন’

dragon man homo longi skull 1

উত্তৰ-পূৱ চীনত উদ্ধাৰ হৈছে এক লাখ ৪০ হেজাৰ বছৰ পুৰণি মানুহৰ মূৰৰ খোলা । এই খোলা উদ্ধাৰৰ পাছত মানৱ বিৱৰ্তনৰ ধাৰণা পৰিৱৰ্তন হ’ব পাৰে বুলি কয় বিশেষজ্ঞসকলে ।

চীনৰ বিশেষজ্ঞ‌ই জনায়, খোলাটো ‘হ’ম’ লোংগি’ নামৰ এক বিশেষ প্ৰজাতিৰ, যাৰ পৰিচয় আগতে পোৱা নাছিল । ‘নিয়েনডাৰথাল’ প্ৰজাতিৰ তুলনাত আধুনিক মানুহৰ স’তে এই খোলাৰ সাদৃশ্য আছে বুলি জনায় বিশেষজ্ঞসকলে । খুলাটোৰ আকাৰৰ বাবে এই বিশেষ প্ৰজাতিটোক ‘ড্ৰেগন মেন’ বুলি নামাকৰণ কৰা হৈছে ।

তিনিখন পৃথক পৃথক পত্ৰিকাত প্ৰকাশ হৈছে এই গৱেষণাৰ ফলাফল । বিশেষজ্ঞসকলে জনায়, উদ্ধাৰ হোৱা খোলাৰ পৰা স্পষ্ট, মনধ্য আৰু শেষ প্লিষ্টোচিন যুগত ‘হ’ম’ ছেপিয়েন্স’ৰ ওপৰিও মানুহৰ অন্ত প্ৰজাতিৰ অস্তিত্ব আছিল ।

খোলাটোৰ দীঘ ২৩ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ১৫ ছেণ্টিমিটাৰ । আধুনিক মানুৱ প্ৰজাতিৰ খোলাৰ তুলনাত এই খোলাৰ আকাৰ ডাঙৰ আৰু ইয়াৰ ভিতৰত মস্তিষ্কৰ স্থানো আছে । যাৰ খোলা পোৱা গৈছে তাৰ আনুমানিক বয়স ৫০ বছৰ বুলি জনাইছে বিশেষজ্ঞসকলে । খোলাটো উদ্ধাৰৰ পাছত মানৱ বিৱৰ্তনৰ এটা সম্পূৰ্ণ নতুন দিশ পোৱা যাব বুলিয়ে জনাইছে বিশেষজ্ঞসকলে ।

Exit mobile version