দৰং-ওদালগুৰিৰ বানৰ উৎসত বিৰল দৃষ্টান্ত

দুসপ্তাহে ভূটান সীমান্তৰ জালীমুখত স্বেচ্ছাই শ্ৰমদান বানাক্ৰান্ত ৰাইজৰ

সৌ সিদিনালৈ গুলীৰ শব্দত বিনিদ্ৰ ৰজনী পাৰ হোৱা বিটিআৰৰ ওদালগুৰি জিলাত এতিয়া কৰ্ম সংস্কৃতিত পাৰ হয় বিনিদ্ৰ ৰজনী ৷ পাৰৰ গুণগুণতিত পুৱা হোৱা ওদালগুৰিত এতিয়া বিৰাজমান ভাতৃত্ববোধৰ মধুৰ এনাজৰী ! তাকো বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ৷ য’ত এতিয়া হাঁহিমুখে আদৰণি জনায় সকলোকে ৷ কেৱল সিমানেই নহয়, তেওঁলোক ৰাজহুৱা সিদ্ধান্তৰ ক্ষেত্ৰতো অবিচল, অটল, বদ্ধপৰিকৰ ৷ কাম শেষ নোহোৱালৈকে নৰয় থমকি ৷ এইবেলি তেওঁলোকৰ মাজত দেখা গৈছে এনে এক ধাৰণা যে আসন্ন ভয়াবহ বানপানীৰ পৰা পৰিত্ৰাণ পাবই লাগিব ৷ নহ’লে সৰ্বনাশ আহিব ঘৰ-বাৰীলৈ ৷ সেয়ে শিলৰ বান্ধ সম্পূৰ্ণ নোহোৱালৈকে চলি থাকিব ৰাজহুৱা শ্ৰমদান কাৰ্যসূচী ৷

উল্লেখ্য যে বৰ্তমানৰ ব্যক্তিকেন্দ্ৰিক, যন্ত্ৰবৎ যুগটো বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত মিশ্ৰিত জাতি-জনগোষ্ঠীৰ লোকে সমিলমিলেৰে এনে দৃঢ় মনোবল অটুত ৰখাৰ বিৰল ঘটনা বিগত দুসপ্তাহে ঘটি আছে ওদালগুৰি জিলাৰ ননৈ নদী আৰু কুলশী নদীৰ দুৱাৰমুখ জালীমুখত ৷ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ পাহাৰৰ ঠিক নামনিত থকা জালীমুখৰ শৈল জ্বালীবান্ধটো বিগত বৰ্ষবোৰত খহি খহি গৈ আছে ৷ ১১০০ মিটাৰ পুৰণা বান্ধটোৰ ইতিমধ্যে প্ৰায় ছয়শ মিটাৰ ছিগি গৈছে ৷ ফলত ভূটানৰ পানীৰ ধলে ইয়াৰ গতিপথ সলনি কৰি কুলশীলৈ বাগৰি আহে ৷ ফলত কুলশী নৈ (নামনিত শাকতোলা নাম লয়)খনে দৰং আৰু ওদালগুৰি জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে পানেৰী, ওদালগুৰি, কলাইগাঁও, মঙলদৈ আৰু ছিপাঝাৰৰ এক বিশাল অঞ্চলত তাণ্ডৱলীলা চলাই আহিছে ৷

বান্ধটো অধিক ছিগি যোৱাৰ বাবে নৈখনৰ তাণ্ডৱলীলাও বাঢ়ি গৈ আছে ৷ সেয়ে এইবেলি ননৈ চেৰফাং আৰু খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ ছাগলীঝাৰ, খৈৰাজংগল আদি অঞ্চলৰ ৰাইজে যোৱা ১৬ জুনৰ পৰা ৰাজহুৱা শ্ৰমদান কাৰ্যসূচীৰেে বান্ধ মেৰামতিৰ কাম আৰম্ভ কৰে ৷ সহযোগ কৰিছে কৃষকমুক্তি সংগ্ৰাম সমিতি, হাতীগড় ট্ৰেক্টৰ সন্থা, মঙলদৈ মিডিয়া চাৰ্কোল আদিয়ে ৷ তদুপৰি ৩০খন ৰাজহুৱা দোং-বান্ধ সমিতিৰ এহেজাৰ কৃষকৰ প্ৰত্যেকেই শ্ৰমদানৰ উপৰি পাঁচশ টকাকৈ আগবঢ়াইছে ৷

এইদৰে তেওঁলোকে দেখুৱাইছে যে “ৰাইজে ননৈকো ভেটিব পাৰে”ৰ বিৰল দৃষ্টান্ত ৷ তাঁতী বড়ো, নাৰ্জাৰী, পৰ্জা, কুজুৰ, ছেত্ৰী, খান, ডেকা, শৰ্মা, বৰা, বসুমতাৰী, লাক্ৰা, নেৱাৰ, আদি মিশ্ৰিত উপাধিৰ লোকসকলৰ মতে “, পৰত আশ, বনত বাস ৷ চৰকাৰো আমাৰ বাবে পৰৰ দৰেই হৈ পৰিছে ৷”

উল্লেখ্য যে এতিয়ালৈকে তেওঁলোকে প্ৰয়োজনীয় সমস্ত ব’ল্ডাৰ বান্ধটোত ওখ আৰু দীঘলীয়াকৈ জমা কৰিছে ৷ তদুপৰি জালী (নেট) কিছু ক্ৰয় কৰি জালীৰে শিল বন্ধা কাম একাদিক্ৰমে কৰি সম্পূৰ্ণ কৰিছে ৷ পেটত ভোক, প্ৰখৰ ৰ’দৰ উত্তাপ, ঘৰুৱা জঞ্জাল এই সকলো একাষৰীয়া কৰি ইয়াত একচেটিয়াকৈ শ্ৰমদান কৰি থকাৰ বিষয়ে জিলা দুখনৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলে জনাৰ পাছতো কাণসাৰ নিদিয়া ঘটনাই ৰাজনীতিকৰ স্বৰূপ উদঙাই দিছে ৷

অভিযোগ মতে পাঁচগৰাকী বিধায়ক ক্ৰমে পানেৰীৰ বিশ্বজিৎ দৈমাৰী (বিজেপি, বিধানসভাৰ অধ্যক্ষ), ওদালগুৰিৰ গোবিন্দ বসুমতাৰী (ইউপিপিএল, বিটিআৰৰ উপ-মুখ্য), কলাইগাঁৱৰ দুৰ্গাদাস বড়ো (বিপিএফ), মঙলদৈৰ বসন্ত দাস (কংগ্ৰেছ) আৰু ছিপাঝাৰৰ পৰমানন্দ ৰাজবংশী (বিজেপি)ৰ লগতে ওদালগুৰিৰ ১০টা পৰিষদীয় সমষ্টিৰ এমচিএলএ আদিয়ে অন্ততঃ ফোনযোগে উৎসাহজনক মন্তব্য এটাও দিয়া নাই ৷ আনকি শক্তিশালী সাংসদৰূপে পৰিচিত দিলীপ শইকীয়াই এই বিষয়ে জ্ঞাত হোৱাৰ পাছতো নিজা সমষ্টিৰ এই ভৌগোলিক সীমান্তৱৰ্তী এলেকাটো পৰিদৰ্শন কৰিবলৈও আহৰি নোপোৱাৰ অভিযোগ উঠিছে ৷

একেদৰে নিৰুত্বাপ হৈ আছে জলসম্পদ, জলসিঞ্চন আদি বিভাগৰ হৰ্তা-কৰ্তাসকল ৷ অৱশ্যে ননৈ-চেৰফাং সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীৱ তাঁতীয়ে (এক লাখ টকা দান) আৰু প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে ২৫ হেজাৰ টকাৰে উৎসাহ দিয়া বুলি কয় অন্যতম আগৰণুৱা কৰ্মী হীৰালাল পৰ্জাই ৷ তেওঁ অৱশ্যে নেট কিনিবলৈ এতিয়াও কিছু ধনৰ নাটনি হৈ থকা বুলি উল্লেখ কৰি কয় যে, মা গংগাদেৱী (জলকুৱঁৰী)য়ে নিশ্চয় তাৰো ব্যৱস্থা কৰি দিব ৷

ইয়াৰ মাজতে ৰাইজৰ আহ্বানক সঁহাৰি জনাই কালি জালীমুখত উপস্থিত হয় বিটিআৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য (মুদৈবৰী) দিগন্ত বৰুৱা ৷ বিটিআৰৰ মনোনিত সদস্য অৰ্পণা মেধীৰ স’তে উপস্থিত হোৱা ই এমগৰাকীয়ে ৰাইজৰ হাতত ৫০ হেজাৰ টকা আগবঢ়াই কয় যে, বিষয়টো ইতিমধ্যে ওদালগুৰিৰ বিধায়ক, বিটিআৰৰ প্ৰধান আদিৰ স’তে পূৰ্ণ গতিত আলোচনা চলি আছে ৷ এইবেলি ৰাইজৰ স’তে হাতে-হাত মিলাই যাব আৰু অহা বছৰলৈ স্থায়ী সমাধানসূত্ৰ উলিওৱা হ’ব বুলি ই এম বৰুৱাই দৃঢ়তাৰে ৰাইজক জনায় ৷

Exit mobile version