অক্সফ’র্ড ইউনিভাৰচিটী মেডিকেল স্কুলকো পেলালে পিছ, শীর্ষ ১০০ শিক্ষানুষ্ঠানৰ ছখন ভাৰতৰ

বিশ্বশ্রেষ্ঠ মেডিকেল কলেজৰ তালিকাত ২৩ স্থানত দিল্লীৰ এইমছ

AIIMS all india institute 770x433 1

বিশ্বজুৰি কৰ’নাৰ ব্যাপক সংক্রমণৰ মাজতে বিশ্বশ্রেষ্ঠ ১০০ মেডিকেল শিক্ষানুষ্ঠানৰ এখন তালিকা প্রকাশ পালে। এই তালিকাত নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)-এ ২৩ সংখ্যক স্থান লাভ কৰিছে।

বিশ্বশ্রেষ্ঠ মেডিকেল কলেজৰ এই তালিকাত ভাৰতৰ ছখন মেডিকেল কলেজে স্থান লাভ কৰিছে। উল্লেখ্য যে নতুন দিল্লীৰ এইমছে তালিকাখনত অক্সফ’র্ড ইউনিভাৰচিটী মেডিকেল স্কুল আৰু ইউনিভাৰচিটী কলেজ লণ্ডনকো পিছ পেলালে।

অক্সফ’র্ড ইউনিভাৰচিটী মেডিকেল কলেজে এই তালিকাত ২৪ সংখ্যক স্থান লাভ কৰিছে। তালিকাখনত আমেৰিকাৰ জন হপকিন্স ইউনিভাৰচিটী স্কুল অৱ মেডিচিনে বিশ্বৰ শ্রেষ্ঠ মেডিকেল শিক্ষানুষ্ঠানৰ স্বীকৃতি লাভ কৰিলে।

এই তালিকাখন প্ৰকাশ কৰিছে আমেৰিকাৰ ‘চি ই অ’ ৱর্ল্ড’ নামৰ আলােচনীখনে। বিশ্বৰ সর্বশ্রেষ্ঠ মেডিকেল শিক্ষানুষ্ঠানৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিলে হার্ভার্ড মেডিকেল স্কুলে। আনহাতে, তৃতীয় স্থানত আছে পেন্সিলভেনীয়া ইউনিভাৰচিটীৰ পেৰেলমেন স্কুল অৱ মেডিচিনে।

বিশ্বশ্রেষ্ঠ মেডিকেল কলেজৰ তালিকাত এইমছ দিল্লীৰ লগতে পুনেৰ আমড ফ’র্চ মেডিকেল কলেজ (৩৪), ভেলু‍্যৰৰ খ্রীষ্টিয়ান মেডিকেল কলেজ (৪৯), পুডুচেৰীৰ জিপমাৰ (৫৯), চেন্নাইৰ মাদ্রাছ মেডিকেল কলেজ (৬৪) আৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (৭২)-এ স্থান লাভ কৰিছে।

Exit mobile version