অনাতাঁৰৰ দ্বিতীয়গৰাকী কণ্ঠশিল্পী পদ্মধৰ বসুমতাৰী বঞ্চিত শিল্পী পেঞ্চনৰ পৰা

সুদীৰ্ঘদিন ধৰি আৰ্থিক দৈন্যতাত জৰ্জৰিত শিল্পী বসুমতাৰী

WhatsApp Image 2021 06 29 at 5.34.56 PM

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নিৰবে বুঢ়া লুইত তুমি…..’ শীৰ্ষক গীতটি প্ৰথমবাৰৰ বাবে বড়ো ভাষালৈ ৰূপান্তৰ কৰি বৃহত্তৰ অসমৰ ভিন্ন স্থানত বড়ো ভাষাত গীত গাই সংগীত প্ৰেমী জনতাৰ হৃদয় স্পৰ্শ কৰিব পৰা সম্প্ৰতি বৰ্ষীয়ান কণ্ঠশিল্পী পদ্মধৰ বসুমতাৰী । অকল সেইয়াই নহয় ড০ ভূপেন হাজৰিকাৰ কেবাটাও কালজয়ী গীত বড়ো ভাষালৈ ৰূপান্তৰেৰে বড়ো ভাষাত গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা কণ্ঠশিল্পী পদ্মধৰ বসুমতাৰী ।

উল্লেখ্য যে সম্প্ৰতি ৭৫ বছৰীয়া এইগৰাকী শিল্পী বসুমতাৰী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বড়ো লোকসংগীতৰ দ্বিতীয়গৰাকী কণ্ঠশিল্পী । কৈশোৰৰ পৰাই সংগীতকে জীৱনৰ সাধনা ৰূপে লোৱা বসুমতাৰীয়ে ১৯৭৫ ত অনাতাঁৰ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে স্বীকৃতিপ্ৰাপ্ত শিল্পীৰূপে গীত গাইছিল । সেই সময়ৰ পৰা অনাতাঁৰ কেন্দ্ৰত ৭০ টা লোকসংগীত পৰিবেশন কৰিছে । তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন স্থানত তেওঁ বড়ো লোক সংগীতৰ লগতে অসমীয়া লোকসংগীত পৰিবেশন কৰি সংগীত প্ৰেমী জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

২০১১ত বড়ো সাহিত্য সভাই কণ্ঠশিল্পী পদ্মধৰ বসুমতাৰীক সানজাৰাং লক্ষ্যেশ্বৰ ব্ৰহ্ম হাৰিমুৱাৰী বঁটা প্ৰদান কৰিছে তদুপৰি ২০১৭ত সাংস্কৃতিক মহাসভা অসমে বসুমতাৰীক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে । আনহাতে অসম চৰকাৰৰ দ্বাৰাও তেওঁ এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰূপে দুবাৰকৈ সম্বৰ্ধিত হৈছিল ।

বড়োসকলৰ জাতীয় সংগঠন নিখিল বাথৌ মহাসভাকে ধৰি বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনৰ দ্বাৰা সম্বৰ্ধিত হৈছে শিল্পী পদ্মধৰ বসুমতাৰীয়ে । সংগীত সাধনা চৰ্চা পৰিবেশনেই যাৰ বিশাল ব্যক্তিত্ব আৰু প্ৰতিভা হৃদয়ৰ পৰা নিগৰী অহা এক সৃষ্টিশীল ধাৰাৰগৰাকী হʼল শিল্পী পদ্মধৰ বসুমতাৰী ।

সংগীত জগতলৈ অলেখ অৱদান আগবঢ়োৱা এইগৰাকী শিল্পীয়ে আৰ্থিক দৈন্যতাকো নেওচি সংগীত পৰিবেশন কৰি আহিছে । সুদীৰ্ঘদিন ধৰি, আজিও আৰ্থিকভাৱে ভাৰাক্ৰান্ত শিল্পী পদ্মধৰ বসুমতাৰী । চৰকাৰী আৰ্থিক সাহায্যৰ পৰা বঞ্চিত অনাতাঁৰ শিল্পী বসুমতাৰীয়ে বাস কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাউদৰ ভিঠাৰ অন্থাইবাৰী গাঁৱৰ এটি জুপুৰী ঘৰত । নাই অলপো কৃষি ভূমি নাই পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল । চৰকাৰী সকলো আঁচনিৰ পৰাই আজিলৈ বঞ্চিত পদ্মধৰ বসুমতাৰী, পত্নী, দুই পুত্ৰসহ সমূহ পৰিয়ালটো । দুই পুত্ৰ ব্যক্তিগত খণ্ডত কৰ্মৰত আছিল যদিও যোৱা বৰ্ষৰ পৰাই মহামাৰী কৰ’নাৰ বাবেই কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে ।

কে’বাবাৰো অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ওচৰত আবেদন কৰিও আজিলৈ লাভ নকৰিলে শিল্পী পেঞ্চন । বড়ো আৰু অসমীয়া সংগীত জগতলৈ অলেখ অৱদান আগবঢ়োৱা এইগৰাকী শিল্পী পদ্মধৰ বসুমতাৰীক অসম চৰকাৰ তথা বিটিচি চৰকাৰে কিদৰে আৰ্থিক সকাহ প্ৰদান কৰে সেয়া হʼব লক্ষ্যনীয় ।

Exit mobile version