অনিৰ্দিষ্ট কালৰ বাবে স্থগিত চাৰধাম যাত্ৰা, আৰম্ভ হোৱাৰ কথা আছিল এক জুলাইত

uttarakhand highcourt

অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হ’ল চাৰধাম যাত্ৰা ।পৰৱৰ্তী নিৰ্দেশ নহালৈকে এই যাত্ৰা বন্ধ ৰখা হ’ব বুলি জানিবলৈ দিয়ে উত্তৰাখণ্ড চৰকাৰে ।

ADVERTISEMENT

উত্তৰাখণ্ড উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত ললে ৰাজ্য চৰকাৰে । অহা এক জুলাইৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল চাৰধাম যাত্ৰা। কিন্তু বৰ্তমানৰ বাবে স্থগিত কৰা হ’ল এই যাত্ৰা ।

চাৰধাম যাত্রাৰ বাবে নতুন ক’ভিডবিধি জাৰি কৰিছিলে উত্তৰাখণ্ড চৰকাৰে। এক জুলাইত যাত্ৰাৰ প্ৰথমটো পৰ্যায় আছিল। দ্বিতীয় পৰ্যায়ৰ যাত্ৰাৰ দিন নিৰ্ধাৰণ কৰা হৈছিল ১১ জুলাইত।

যি সময়ত দেশৰ ক’ভিড পৰিস্থিতি চৰম পৰ্যায়ত আছে সেই সময়ত গংগা স্নানৰ অনুমতি দিয়াত তীব্ৰ সমালোচনাৰ সন্মূখীন হৈছে উত্তৰাখণ্ড চৰকাৰ।

লাখ লাখ তীৰ্থযাত্ৰী একগোট হৈছিল গংগা স্নানৰ বাবে । ক’ভিড নিয়ম পালন নকৰাৰ ব্যাপক অভিযোগও উত্থাপিত হৈছিল। ক’ভিড পৰিস্থিতিত লাখ লাখ তীৰ্থযাত্ৰীক কেনেকৈ একত্ৰিত হ’বলৈ দিয়া হৈছিল তাক লৈ ব্যাপক সমালোচনাও হয়।

সেই ঘটনাৰ পৰা শিক্ষা লৈ এইবাৰ চাৰধাম যাত্ৰাৰ বিষয়ে অধিক সতৰ্ক আছিল ৰাজ্য প্ৰশাসন । কিন্তু ক’ভিড পৰিস্থিতিৰ কথা বিবেচনা কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক যাত্ৰা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

তাৰ পাছত, ২৫ জুনত, কেবিনেটে চাৰধাম যাত্ৰা স্থানীয় লোকসকলৰ বাবে আংশিকভাৱে মুকলি ৰখাৰ সিদ্ধান্ত লয়। চামোলি, উত্তৰকাশী, ৰুদ্ৰপ্ৰয়াগ জিলাৰ বাসিন্দাসকলক এই যাত্ৰা কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱা হয়।কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে অনুমতি বাতিল কৰা হয় ।

Exit mobile version