বিশ্ব বাণিজ্য সংস্থাৰ এছিয়া কোটাৰ ডিডিজি পদ দখল কৰিলে চীনে

1624923824 china 2

তিনিদিনীয়া ভ্ৰমণসূচীৰে লাডাখ সীমান্তত চীন সেনাৰ চকুত ‌চকু থৈ পহৰা দিয়া ভাৰতীয় জোৱানৰ মনোবল বৃদ্ধি কৰিছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে । কিন্তু বাণিজ্য ক্ষেত্ৰত ভাৰতক পিছ পেলালে চীনে । বিশ্ব বাণিজ্য সংস্থাৰ এছিয়া কোটাৰ ডেপুটি ডিৰেক্টৰ জেনেৰেল (ডিডিজি) পদত জয়ী হ’ল চীনৰ প্ৰাৰ্থী । অত্যন্ত গুৰুত্বপূৰ্ণ এই পদতো লাভ কৰিবৰ বাবে ভাৰতেও যুঁজ দিছিল । সূত্ৰ অনুসৰি, অৰ্থনৈতিক আৰু কূটনৈতিক প্ৰভাৱ পৰ্যৱেক্ষণ কৰি এই পদতো লাভ কৰিছে জি জিনপিং চৰকাৰে ।

বিশ্ব ব্যৱস্থাত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ বাবেই চীনে বিভিন্ন আন্তৰ্জাতিক প্ৰতিস্থানৰ শীৰ্ষ পদত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ৰাষ্ট্ৰসংঘৰ ১৫টা প্ৰধান শাখাৰ ভিতৰত চাৰিটা শীৰ্ষ স্থানে দখল কৰি আছে চীনে । তদুপৰি, ন টা পদত তেওঁলোক দ্বিতীয় স্থানত । বিশ্ব বাণিজ্য সংস্থাৰ ডিডিজি পদতো আগৰ পৰাই চীনৰ দখলতে আছিল । এইবাৰৰ স’তে দুবাৰ এই পদতো দখল কৰিলে চীনে ।

বেইজিঙৰ মন্তব্য, আমেৰিকাৰ স’তে শক্তিৰ ভাৰসাম্য ৰাখিবলৈ এইটো তেওঁলোকৰ বাবে প্ৰয়োজনীয় আছিল । ফ্ৰান্সত নিযুক্ত প্ৰাক্তন ৰাষ্ট্ৰদূত তথা বহু কূটনীতিত পাৰদৰ্শী মোহন কুমাৰে ভাৰতৰ প্ৰতিনিধি হিচাপে ডিডিজি পদতোৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল ।

Exit mobile version