৪১ বছৰে জংঘলত বাস ‘বাস্তৱ জীৱনৰ টার্জান’ৰ

NINTCHDBPICT000661730447

দীর্ঘদিনৰ পাছত জনসমক্ষলৈ আহিল ‘বাস্তৱ জীৱনৰ টার্জান’। প্রায় আঠ বছৰ এখন ভিতৰুৱা গাঁৱত গােপনে বাস কৰাৰ পাছত প্রকাশলৈ অহা এজন ৪৯ বছৰীয়া লােকৰ কাহিনীয়ে সম্প্রতি সকলােৰে চকু থিয় কৰিছে।

পিতৃ আৰু জ্যেষ্ঠ ভ্রাতৃৰ স’তে সুদীর্ঘ ৪১ বছৰ ভিয়েটনামৰ গভীৰ অৰণ্যত মানুহৰ পৰা সম্পূর্ণ আঁতৰি বসবাস কৰা এই লােকজনৰ আনকি নাৰী সম্পর্কেও কোনাে ধাৰণা নাই। হে ভান লাং নামৰ এই ৪৯ বছৰীয়া লােকজনকে দিয়া হৈছে ‘ৰিয়েল-লাইফ টার্জান’ৰ আখ্যা।

পিতৃ হাে ভান থানে ১৯৭২ ভিয়েটনাম যুদ্ধত আমেৰিকাই পেলােৱা বােমাত থানৰ পত্নী আৰু দুই সন্তানৰ মৃত্যু হােৱাৰ পাছত আন দুজন পুত্ৰক লৈ ভিয়েটনামৰ গভীৰ অৰণ্যত আশ্ৰয় লৈছিল। সেই সময়ত লাঙৰ বয়স এবছৰাে সম্পূর্ণ হােৱা নাছিল।

ইয়াৰ পাছৰ পৰাই বিগত চাৰিটা দশক ধৰি বন্য জীৱন অতিবাহিত কৰিছিল। ফলমূল, মৌ, বন্যপ্রাণীৰ মাংস খায়ে তেওঁলােকে ক্ষুধা নিবাৰণ কৰাৰ লগতে গছপাত, বন্যপ্রাণীৰ ছাল আদিৰে গ্ৰীৰৰ লজ্জা আৰু শীত নিবাৰণ কৰিছিল।

গছৰ ডাল-পাত আদিৰেই তেওঁলােকে নিজৰ আশ্রয়স্থল তৈয়াৰ কৰিছিল। এই চাৰিটা দশকত তেওঁলােকে মাত্র পাঁচবাৰ মানুহ দেখা পাইছিল যদিও তেওঁলােকৰ পৰা পলায়ন কৰিছিল। ২০১৩ত আলভাৰ কেৰেজ’ নামৰ এজন ফটোগ্রাফাৰে পৰিয়ালটোক প্রত্যক্ষ কৰে।

তেওঁৰ উদ্যোগতে পৰিয়ালটোক জনবিচ্ছিন্ন অৱস্থাৰ পৰা উদ্ধাৰ কৰি জংঘলৰ কাষৰ এখন ভিতৰুৱা গাঁৱত ৰখাৰ ব্যৱস্থা কৰা হয়। সেই গাঁৱতে জীৱনত প্রথমবাৰলৈ নাৰীৰ স’তে পৰিচয় ঘটে লাঙৰ।

এবছৰ বয়স নৌহওঁতেই মানুহৰ পৰা বিচ্ছিন্ন হােৱাৰ ফলত লাঙে মানৱ জীৱনৰ অনেক জৈৱ চাহিদা অনুভৱেই কৰিব পৰা নাছিল। নাৰী কাক কয় তেওঁ নাজানে, অনুভৱ নকৰে যৌনতা। বনবাসত থকাৰ সময়ত যৌনতা বা নাৰীৰ সম্পর্কে একো কথাই লাঙক পিতৃয়ে কোৱা নাছিল।

উল্লেখ্য যে উদ্ধাৰৰ সময়ত লাঙৰ পিতৃয়ে জংঘল এৰি আহিব খােজা নাছিল। কিয়নাে ভিয়েটনাম যুদ্ধ অন্ত পৰা বুলি তেওঁ বিশ্বাসেই কৰা নাছিল। লাঙে বিগত আঠ বছৰ ধৰি গাঁৱত মানুহৰ মাজত বাস কৰিলেও নাৰী-পুৰুষৰ পার্থক্য সন্দৰ্ভত বিশেষ অৱগত হােৱা নাই বুলি ফটোগ্রাফাৰ কেৰেজ’ৱে জনাইছে।

আনহাতে, লাঙৰ জ্যেষ্ঠ ভ্রাতৃ ত্রিয়ে কয়, লাং আচলতে পুৰুষৰ শৰীৰ ধাৰী এটি শিশু। সমগ্র জীৱনটো লাঙে জংঘলতে কটালে। ফলত তেওঁৰ মস্তিষ্ক শিশুৰ দৰেই হৈ থাকিল। কি ভাল, কি বেয়া একো বুজি নাপায়। মই যদি লাঙক ছুৰীৰে কাৰােবাক আঘাত কৰিবলৈ কওঁ,তেওঁ একো চিন্তা নকৰাকৈ মানুহজনক আক্রমণ কৰিব।

লাগিলে মানুহজনৰ মৃত্যুৱেই হওক। অৱশ্যে ফটোগ্রাফাৰ কেৰেজ’ৰ মতে, নতুন জীৱনটো লাঙে আনন্দৰে গ্ৰহণ কৰিছে। ক্ৰমাৎ তেওঁ সামাজিক জীৱনৰে স্বাভাৱিক হৈছে যদিও এতিয়াও জীৱনৰ বহু কথাই জানিবলৈ বাকী আছে।

আধুনিক জগতখন যথেষ্ট হুলস্থূলীয়া বুলি ভাৱে লাঙে। কাৰণ ইমান দিনে জংঘলত তেওঁ মানৱ সমাজ হুলস্থূল পৰিৱেশ পােৱা নাছিল।

Exit mobile version