নতুনকৈ গঠন হোৱা চিথিলা বজাৰ পৰিচালনা সমিতিক দায়িত্বভাৰ প্ৰদান ইএম অৰূপ কুমাৰ দেৰ

WhatsApp Image 2021 06 30 at 7.28.04 PM

কোকৰাঝাৰ জিলাৰ অধীন দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিথিলা বজাৰ পৰিচালনা সমিতিখন নতুনকৈ গঠন কৰাৰ পাছত আজি এক সভা অনুষ্ঠিত কৰি দায়িত্বভাৰ প্ৰদান কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ইএম অৰূপ কুমাৰ দেই ।

চিথিলা নেতাজী ক্লাৱত অনুষ্ঠিত দায়িত্বভাৰ গ্ৰহণ সভাত উপস্থিত থাকে দোতমা সমষ্টিৰ প্ৰাক্তন এমছিএলএ জোতিৰইন্দ্ৰ ব্ৰহ্ম, ফকিৰাগ্ৰাম মন্ডল বিজেপিৰ সভাপতি মনোজ ৰায়, লুতফৰ আলী, ফকিৰাগ্ৰাম ব্লক ইউপিপিএলৰ সভাপতি ৰুসেন ৰায় সম্পাদক ৰনোজ ব্ৰহ্ম, উপসভাপতি নাৰায়ণ ৰায়, আদিয়ে ।

শংকৰ লাল ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত দায়ত্ব পমূখ্য অতিথি হিচাপে উপস্থিত থাকি ইএম দেই চিথিলা বজাৰ উন্নয়নৰ বাবে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগ কৰিব বুলি আস্বাস প্ৰদান কৰে ।

নতুনকৈ গঠন হোৱা চিথিলা বজাৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে সুকুমাৰ দেৱনাথক দায়িত্ব প্ৰদান কৰাৰ লগতে সম্পাদক হিচাপে লক্ষণ সাহাৰ উপৰিও উপসভাপতি হিচাপে সন্তোষ সাহা , লগতে অইন অইন বিষয় ববীয়া হিচাপে সুৰেশ সাহা , ৰাজু কুমাৰ বৰ্মন , পৰিতোষ সাহা , হাৰান শীল , বাবলু শীল , লক্ষী সাহা , আদিকে লৈ গঠিত হোৱা বজাৰ পৰিচালনা সমিতিৰ অইন অইন বিষয় ববীয়া সকলোকো দায়িত্ব অৰ্পন কৰে ।

চিথিলা নেতাজি ক্লাবত অনুষ্ঠিত চিথিলা বজাৰ পৰিচালনা সমিতিৰ দায়িত্বভাৰ প্ৰদান সভাখনত শংকৰ লাল ব্ৰহ্মই সভাপতিত্ব কৰে ।

Exit mobile version