বাংলাদেশত অহা পহিলা জুলাইৰ পৰা সৰ্বাত্মক তলাবন্ধৰ ঘোষণা কৰা হৈছে । কৰ’নাৰ ব্যাপক সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশখনৰ চৰকাৰে আকৌ এবাৰ সম্পূৰ্ণ তলাবন্ধৰ সিদ্ধান্ত ল’লে ।
তলাবন্ধৰ ঘোষণাৰ পাছতে ৰাজধানী ঢাকাৰ পৰা হেজাৰ হেজাৰ শ্ৰমিকে পলায়ন আৰম্ভ কৰিছে । যোৱা দেওবাৰে দেশখনৰ ৫,২৬৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছিল আৰু ১১৯জনে এই ভাইৰাছত শেষ নিশ্বাস ত্যাগ কৰিছিল ।
বৰ্তমানলৈকে দেশখনত ৮,৮৮,৪০৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু সমগ্ৰ দেশজুৰি ১৪,১৭২ জন লোকে কৰ’নাত প্ৰাণ হেৰুৱালে । বৰ্তমানে বাংলাদেশত ৭০ হেজাৰ সক্ৰিয় ক’ভিড ৰোগী আছে ।