পাৰমাণৱিক বিষয়ত আমি সিদ্ধান্ত ল’লাে, এতিয়া দ্বিতীয় পক্ষৰ দায়িত্ব : ইৰান

pjimage 1 1

পাৰমাণৱিক বুজাপৰাৰ সন্দৰ্ভত আমেৰিকাৰ আগত নিজৰ উদ্দেশ্য স্পষ্ট কৰিলে ইৰানে। ইৰানে কয় যে পাৰমাণৱিক প্রসংগত ইতিমধ্যে দেশখনে প্রয়ােজনীয় সিদ্ধান্তত উপনীত হৈছে। আৰু এতিয়া ইৰান পাৰমাণৱিক চুক্তিৰ সন্দৰ্ভত দ্বিতীয় পক্ষই সিদ্ধান্ত লােৱা উচিত।

ইৰান আৰু আমেৰিকাই পাৰমাণৱিক চুক্তিক লৈ উভয় দেশৰ মাজত সৃষ্টি হােৱা সংঘাত দূৰ কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে। ভিয়েনাত অনুষ্ঠিত হােৱা এই বিষয়ক এখন বৈঠকত ইৰানে সংশ্লিষ্ট পক্ষ আৰু সদস্যসকলক স্পষ্টভাৱে কয় যে পাৰমাণৱিক বিষয়টোৰ সন্দৰ্ভত ইনে প্রয়ােজনীয় সিদ্ধান্ত ইতিমধ্যে গ্রহণ কৰিছে আৰু এতিয়া এই বিষয়ত সংশ্লিষ্ট দেশসমূহে সিদ্ধান্ত লােৱা উচিত।

ইৰানৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ছয়ীদ খটিজেদাহে কয় যে ইৰানে এই বিষয়ত কেৱল নিজে সিদ্ধান্তত উপনীত হােৱাই নহয়, নিজৰ সিদ্ধান্তৰ কথা বিশ্বৰ আগত ব্যক্ত কৰিছে।

পাৰমাণৱিক বিষয়টোৰ সন্দৰ্ভত এতিয়া আমেৰিকাসহ অন্যান্য দেশসমূহে স্পষ্ট সিদ্ধান্তত উপনীত হােৱা জৰুৰী বুলি খতিজেদাহে মন্তব্য কৰে। উল্লেখ্য যে ইৰান আৰু আমেৰিকাৰ মাজত ২০১৫ বৰ্ষত তদানীন্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ কার্যকালত এখন পাৰমাণৱিক চুক্তি সম্পন্ন হৈছিল।

কিন্তু ২০১৮ বৰ্ষত তদানীন্তন মার্কিন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে আমেৰিকাই ইৰান পৰমাণু চুক্তি ত্যাগ কৰা বুলি ঘােষণা কৰিছিল। ইয়াৰ পাছৰে পৰা এই বিষয়টোক লৈ ইৰান-আমেৰিকাৰ সংঘাত অব্যাহত আছে। অৱশ্যে জ’বাইডেনে মার্কিন ৰাষ্ট্ৰপতিৰ শপত লােৱাৰ পাছত ইৰানৰ স’তে আমেৰিকাৰ সম্পর্ক উন্নত কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে।

Exit mobile version