পূৰ্ব পৰিকল্পিত আছিল পশ্চিমবংগৰ নিৰ্বাচন পৰৱৰ্তী হিংসা

পশ্চিমবংগত বিধানসভাৰ নিৰ্বাচনৰ পাছত সংঘটিত হোৱা ব্যাপক হিংসাত্মক ঘটনাৰ সন্দৰ্ভত কাৰণ নিৰ্ণয় সমিতিয়ে গৃহ মন্ত্ৰণালয়ক প্ৰতিবেদন দাখিল কৰিলে । পাঁচজনীয়া সদস্যৰ সমিতিখনে কালি গৃহ ৰাজ্যমন্ত্ৰী কিষণ ৰেড্ডীক এই সন্দৰ্ভত নিজৰ প্ৰতিবেদন দাখিল কৰে । সমিতিখনে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পশ্চিমবংগত নিৰ্বাচনৰ পাছত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেয়া পূৰ্ব পৰিকল্পিত আছিল । এই প্ৰতিবেদনত সমিতিয়ে উক।ত হিংসাত্মক ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত মমতা বেনাৰ্জীৰ চৰকাৰ ব্যৰ্থ হোৱা বুলিও দাবী কৰিছে ।

হিংসাত্মক ঘটনাৰ কাৰণ নিৰ্ণয় সমিতিয়ে মুঠ ৬৩ পৃষ্ঠাৰ প্ৰতিবেদন যুগুত কৰিছে । এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে পাঁচজনীলয়া সদস্যৰ সমিতিখনে পশ্চিমবংগলৈ গৈছিল আৰু দুশৰো অধিক ফটোগ্ৰাফ আৰু ৫০টাৰো অধিক ভিডিঅ’ বিশ্লেষণ কৰি এই প্ৰতিবেদনত যুগুত কৰিছে ।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পাছত পশ্চিমবংগৰ ১৬ খন জিলাত ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত হৈছিল । এনেবোৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ বহু লোকে প্ৰাণৰ শংকাত আন ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছিল । নিৰ্বাচনৰ পাছত হিংসাত্মক ঘটনাত ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫,০০০ হিংসাত্মক ঘটনা সংঘটিত হৈছিল । তদুপৰি সাত হেজাৰৰো অধিক মহিলাক নিৰ্বাচনৰ পাছত ৰাজনৈতিক কাৰণত নিৰ্যাতন চলোৱা হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

Exit mobile version