পুৱা গধূলি আদা নেমু চাহ খোৱাৰ উপকাৰিতা

Ginger lemon tea recipe

আড্ডা দিবলৈ, ক্লান্তি দূৰ কৰিবলৈ, কামৰ আজৰিত চাহ-কফি খোৱাৰ তুলনা নাই। যিসকল স্বাস্থ্য সচেতন, তেওঁলোকে গ্রিন টি বেছি পছন্দ কৰে। বহুতে আকৌ আদা চাহ, নেমু চাহতেই মন। বিশেষজ্ঞসকলৰ মতে, চর্দি-কাহ নিৰাময়ত আদা চাহ বেছি উপকাৰী।

ADVERTISEMENT

বহুতে পুৱা নেমু-আদা চাহ খায়। নেমু, আদা চাহ খালে, বমি বমি ভাব, মূৰৰ বিষ, ঠাণ্ডা লগা ইত্যাদি বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱা যায়। ইয়াৰ উপৰি এই চাহৰ আৰু উপকাৰিতা আছে। যেনে-

★ শাৰীৰিক দুর্বলতা, গর্ভাৱস্থা, কেমোথেৰাপি বা চিকিৎসাৰ পার্শ্ব প্রতিক্রিয়াৰ কাৰণে বহু সময়ত বমি বমি ভাব আহে। এই ক্ষেত্রত, নেমু-আদা চাহে মেজিকৰ দৰে কাম কৰে। গৱেষণাত দেখা গৈছে, বমি বমি ভাব, বদহজম, ডাযয়েৰিয়া আৰু পেটত বিষৰ দৰে সমস্যাৰ চিকিৎসা কৰাৰ ক্ষেত্রত আদাই বেছ কার্যকৰী ভূমিকা পালন কৰে।

★ আদাই জমা হৈ থকা কফ আৰু তেজ জমা হোৱাৰ পৰা স্বস্তি দিয়ে। নেমুত পর্যাপ্ত পৰিমাণে ভিটামিন চি থকাত ই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

★ নেমু-আদা চাহ খালে মন ভালে থাকে আৰু ক্লান্তি দূৰ হয়।

★নেমু-আদা চাহে হৃদৰোগ আৰু স্ট্রোকৰ সম্ভাৱনা কমায়। আদাই ৰক্ত সৰবৰাহ বৃদ্ধিত ভূমিকা ৰাখে। ইয়াত থকা এন্টি-ইনফ্ল্যামেটৰি, এন্টি-প্লেটিলেট, হাইপোটেনচিভ আৰু হাইপোলিপিডেমিক উপাদানে হৃদৰোগৰ সম্ভাৱনা কমোৱাত সহায় কৰে।

★ নেমুই শৰীৰৰ পৰা বিষাক্ত পদার্থ বাহিৰ কৰাত ভূমিকা ৰাখে। ইয়াৰ ফলত কিডনি, লিভাৰ আৰু অন্ত্রৰ নানা সমস্যা কমে। প্রতিদিনে পুৱা এই চাহ খালে শৰীৰত সজীৱতা অক্ষুণ্ণ থাকে। নেমুই শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে বাবে হজম ভাল হয়।

★ নেমু-আদা চাহে চর্দি-কাহ, ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। তাৰ লগতে দুয়োটি উপাদানেই সংক্রমণৰ বিৰুদ্ধে যুঁজ কৰাত খুব কার্যকৰী।

Exit mobile version