বিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত মন্তব্য কৰি বিতৰ্কিত মধ্যপ্ৰদেশৰ শিক্ষামন্ত্ৰী

বিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত অভিভাৱকৰ প্ৰশ্নৰ বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ মুখত মধ্যপ্ৰদেশৰ শিক্ষামন্ত্ৰী ইন্দ্ৰ সিং পাৰমাৰ ।

অভিভাৱকসকলে প্ৰশ্ন কৰে যে, বিদ্যালয়বোৰে যিদৰে মাচুল বৃদ্ধি কৰিছে আমি কি কৰিম ? অভিভাৱকক উদ্দেশ্যি শিক্ষামন্ত্ৰী পাৰমাৰে কয়, ‘যাওক মৰক ।’ অভিভাৱকক উদ্দেশ্যি কৰা এই মন্তব্যৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰবল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে । কংগ্ৰেছ দলে কটাক্ষ কৰি কয় এইটোৱে বিজেপি চৰকাৰৰ ‘শক্তিৰ দম্ভ’ ।

অভিযোগ, ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও ৰাজ্যৰ বিভিন্ন বেচৰকাৰী বিদ্যালয়বোৰে নিজৰ ইচ্ছামতে মাচুল আদায় কৰিছে অভিভাৱকসকলৰ পৰা । অতিমাৰী পৰিস্থিতিত বহুতেই সেই মাচুল দিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে । শিক্ষা বিভাগে এই বিষয়ত কি ভাবিছে, বিদ্যালয়বোৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা হ’ব নে নাই সেই বিষয়ে জানিবৰ বাবে মঙলবাৰে শিক্ষামন্ত্ৰীৰ স’তে দেখা কৰিবলৈ যায় এদল অভিভাৱক । তেতিয়াই তেওঁ অভিভাৱকসকলক উদ্দেশ্যি এই মন্তব্য কৰে ।

Exit mobile version