বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি, ছয় জুলাইত জম্মু-কাশ্মীৰ ভ্ৰমণত যাব মুখ্য নিৰ্বাচন কমিছনাৰ

18eb05e56d65d3beabe38f8ec723854b

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ জল্পনা-কল্পনা কৰিছে কেন্দ্ৰই । পৰিস্থিতি পৰ্যৱেক্ষণ কৰিবৰ বাবে আগন্তুক ছয়-ন জুলাইৰ ভিতৰত জম্মু-কাশ্মীৰত যাব ডিলিমিটেচন কমিছন আৰু মুখ্য নিৰ্বাচন কমিছনাৰ সুশীল চন্দ্ৰ ।

সূত্ৰ অনুসৰি, জম্মু-কাশ্মীৰত সকলো ৰাজনৈতিক দল আৰু প্ৰশাসনিক বিষয়াসকলৰ স’তে এই বিষয়ত আলোচনা কৰিব কমিছনে । ভোট অনুষ্ঠিত কৰিবৰ বাবে আৰু ন মাহ আছে । সেয়ে এই প্ৰস্তুতি পৰ্ব সম্পূৰ্ণ কৰিবলৈ এই ভ্ৰমণ কমিছনৰ ।

বুধবাৰে দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰে কমিছনে । ভোটগ্ৰহণৰ বাবে কেতিয়া সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হ’ব, সৰ্ব্বভাৰতীয় আৰু আঞ্চলিক দলবোৰৰ স’তে এই বিষয়ত কেতিয়া আলোচনা কৰা হ’ব সেই বিষয়তে এই বৈঠকত আলোচনা হয় বুলি সূত্ৰৰ খবৰ ।

কোনকেইখন ঠাই নিৰ্বাচনী ক্ষেত্ৰ হ’ব, কোনসমূহ নিৰ্বাচনী ক্ষেত্ৰক তফচিলি জাতি আৰু উপজাতিসকলৰ বাবে চিহ্নিত কৰা হ’ব, এয়াই ভ্ৰমণৰ লক্ষ্য হ’ব ।

সম্প্ৰতি জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতাসকলৰ স’তে বৈঠক অনুষ্ঠিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সেই বৈঠকত কে’বাটাও দাবী জনোৱা হয় । ইয়াৰ ভিতৰত অন্যতম, জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যদা দিব লাগিব । অতি শীঘ্ৰে ভোটগ্ৰহণ কৰিব লাগিব । সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছৰ পৰাই কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ ।

সম্প্ৰতি জম্মু-কাশ্মীৰত পঞ্চায়ত ভোট অনুষ্ঠিত হৈ গৈছে । সাফল্যতাৰেই এই ভোটগ্ৰহণ কৰা হৈছে বুলি দাবী কৰিছে কেন্দ্ৰই । এইবাৰ বিধানসভা নিৰ্বাচনৰ ওপৰত জোৰ দিব বিচাৰিছে কেন্দ্ৰ‌ই । তাৰ প্ৰস্তুতি যে জোৰদাৰ হৈছে, জম্মু-কাশ্মীৰত কমিছনৰ ভ্ৰমণে ইয়াৰেই ইংগিত দিছে বুলি মত বিশেষজ্ঞসকলৰ ।

Exit mobile version