ৰাজ্যত তীব্ৰগতিত চলিছে ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছ আসক্ত‌ই লাভ কৰা নাই প্ৰয়োজনীয় চিকিৎসা

ড্ৰাগছ আসক্তসকলৰ বাবে এতিয়া আশাৰ ৰেঙণী কঢ়িয়াই আনিছে পাঠশালাৰ মংগলমে

WhatsApp Image 2021 06 30 at 7.28.15 PM

ৰাজ্যৰ প্ৰশাসনে নিতৌ উৎখাত কৰিছে ন ন ড্ৰাগছৰ ঘাটি । ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ । পিছে ড্ৰাগছ আসক্তসকলে লাভ কৰা নাই প্ৰয়োজনীয় চিকিৎসা । এতিয়াও ৰাজ্যত পৰ্যাপ্ত পৰিমাণে মজুত নাই ড্ৰাগছ আসক্তৰ ঔষধ ।

ড্ৰাগছ আসক্তসকলক এই আসক্তিৰ পৰা মুক্ত হোৱাৰ দিশত আশাৰ ৰেঙণী কঢ়িয়াই আনিছে পাঠশালাৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ মংগলমে । ২০০৭তে পাঠশালাত স্থাপন হোৱা অনুষ্ঠানতটোৰ জৰিয়তে বহু নিচাসক্ত‌ই লাভ কৰিছে আৰোগ্য । অনুষ্ঠানটোক জন্ম দিয়া বিজয় শৰ্মা আৰু ভূপেশ কাকতি একালত দুয়ো আছিলে ড্ৰাগছ আৰু সুৰা আসক্ত যুৱক ।

হিৰ’ইন, কফচিৰাপ, সুৰা আদিৰ বিভিন্ন নিচাত নিচাসক্ত হৈ পৰিছিল দুয়ো । ২০০৪ত গুৱাহাটীৰ এখন নিচা মুক্তি কেন্দ্ৰত লাভ কৰা চিকিৎসাৰ জৰিয়তে বিজয় শৰ্মাই নিচাগ্ৰস্ততাৰ পৰা মুক্তি লাভ কৰিছিল । ২০০৫ত পুনৰ সেই নিচা মুক্তি কেন্দ্ৰত সুৰাসক্ত ভূপেশ কাকতিক লগ পাই দুয়ো পৰিকল্পনা কৰিছিল পাঠশালাত এখন নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ খোলাৰ ।

সেই অনুযায়ী দুয়ো পাঠশালাত ২০০৭ত আৰম্ভ কৰিছিল নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ মংগলম নামে এটি অনুষ্ঠান । উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা নিচাসক্তসকলৰ প্ৰায় ৮৫ শতাংশ ৰোগীয়ে নিচাসক্তৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে । বৰ্তমানো প্ৰায় ৯০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে এই নিচা দূৰীকৰণ কেন্দ্ৰ মংগলমত ।

নিচাসক্ত ৰোগীক কেন্দ্ৰটোত ভৰ্তি হোৱাৰ পাছতেই প্ৰথমে স্বাস্থ্য পৰীক্ষাৰ কৰি আৰম্ভ কৰা হয় বাকী চিকিৎসাসমূহ । মানসিক চিকিৎসা, যোগাসন, আধ্যাত্মিক আদি বিভিন্ন ধৰণে চিকিৎসা প্ৰদান কৰা হয় ৰোগীসকলক । ৰাতিপুৱাৰ পৰাই ৰোগীসকলে এক দীঘলীয়া কঠোৰ নীতি-নিয়মৰ মাজেৰেই পালন কৰিব লগা হয় প্ৰতিটো দিন ।

প্ৰায় দুমাহ এই কেন্দ্ৰত চিকিৎসা লাভ কৰাৰ পাছতহে নিচাগ্ৰস্ত ব্যক্তিয়ে সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব নিজৰ বদ অভ্যাসসমূহ বা নিচা গ্ৰহণৰ প্ৰৱনতা । দুমাহ চিকিৎসাৰ অন্তত সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ পাছতেই পৰিয়ালৰ ব্যক্তিসকলক ৰোগীয়ে মানিবলগীয়া সকলো নীতি নিয়মৰ সম্পৰ্কে ব্যাখ্যা কৰে কেন্দ্ৰটোৰ পৰিচালকে । ৰোগীসকলে নিজৰ গৃহতো সকলো নীতি নিয়ম পালনেৰে এক নতুন জীৱন যাপন কৰিবলৈ সক্ষম হয় ।

সম্প্ৰতি ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানৰ ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰি এক নতুন দিগন্তৰ সুচনা কৰিছে যদিও ড্ৰাগছ আসক্তসকলৰ বাবে প্ৰয়োজনীয় ঔষধ বিচাৰি লাভ নকৰি চিন্তিত হৈ পৰিছে অভিভাৱকসকল । ড্ৰাগছ তথা সুৰা আসক্তসকলৰ বাবে এতিয়া এই কেন্দ্ৰটোৱেই আশাৰ ৰেঙণী কঢ়িয়াই আনিছে ।

Exit mobile version