বিগত আঠ মাহ ধৰি অব্যাহত থকা যুদ্ধৰ পাছত টাইগ্ৰে প্ৰদেশত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিলে ইথিওপিয়াই । দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে আজি এই কথা প্ৰকাশ কৰি জনোৱা মতে, টাইগ্ৰেত বৰ্তমানে সংঘৰ্ষ বন্ধ ৰখা হ’ব ।
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে টাইগ্ৰে প্ৰদেশৰ ৰাজধানী মেকেল দখল কৰিছিল ইথিউপিয়াৰ চৰকাৰ বিৰোধী সশস্ত্ৰ ৰাজনৈতিক দল টাইগ্ৰে পিপলছ লিবাৰেচন ফ্ৰণ্ট (টিপিএলএফ)এ ।
দলটোৰ মুখপাত্ৰ গোটাচিউ ৰেডাই সোমবাৰে এক বিবৃতিৰ জৰিয়তে ঘোষণা কৰি কৈছিল, ‘মেকেলৰ দখল সম্পূৰ্ণভাৱে আমাৰ হাতত ।’ টিপিএলএফৰ এই ঘোষণাৰ পাছতে কালি ইথিওপিয়াই টাইগ্ৰেট যুদ্ধবিৰতিৰ সিদ্ধান্ত লয় । চৰকাৰে ঘোষণা কৰা অনুসৰি ২৮ জুনৰ পৰা পৰৱৰ্তী ঘোষণা নকৰালৈকে টাইগ্ৰেত যুদ্ধবিৰতি বাহাল থাকিব ।