গোৱালপাৰাৰ জাহাঙ্গীৰ আলমৰ ঘৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, কফ চিৰাপ

WhatsApp Image 2021 07 01 at 2.06.03 PM 1

আজি ৰাতিপুৱা গোৱালপাৰাৰ ভালুকডুবিবাসী জাহাঙ্গীৰ আলমৰ ঘৰত অসম আৰক্ষীয়ে এক অভিযান চলায় ।

এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ, কফ চিৰাপ, কফ চিৰাপ বনোৱা সামগ্ৰী জব্দ কৰে । এইবোৰৰ বজাৰ মূল্য ১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ।

উল্লেখযোগ্য যে, জাহাঙ্গীৰ আলমে ঘৰতে কফ চিৰাপ বনোৱাৰ বাবে এটা কাৰখানা তৈয়াৰ কৰি লৈছিল যিটো আছিল এটা ভুগৰ্ভস্থ কোঠাত ।

অভিযানটোত নিচাজাতীয় সামগ্ৰীৰ লগতে এখন জেচিবি, এখন বলেৰ’ পিকআপ ভেন, এখন অল্ট’ কাৰ আৰু এখন ই-ৰিক্সাও জব্দ কৰা হয় ।

Exit mobile version