চাইবাৰ অপৰাধীৰ কবলত ধিং মহাবিদ্যালয়ৰ প্ৰবক্তা

এইবাৰ নতুন কৌশলেৰে বেংক একাউণ্টৰ পৰা হৰলুকি কৰিলে ৭০ হেজাৰৰো অধিক ধন

Cyber crime header

প্ৰশাসনে চাইবাৰ অপৰাধীক নাকী লগাবলৈ যিমানেই চেষ্টা অব্যাহত ৰাখিছে সিমানেই অধিক হাৰত এই অপৰাধীবোৰে ন ন কৌশল অৱলম্বন কৰি সাধাৰণ লোকৰ বেংক একাউণ্টৰ পৰা সাঁচতীয়া ধন হৰলুকি কৰি সৰ্বশ্ৰান্ত কৰি আহিছে ৷ এইবাৰ এনে এক চাইবাৰ অপৰাধীৰ কৱলত পৰি সৰ্বশ্ৰান্ত হৈছে ধিং মহাবিদ্যালয়ৰ আব্দুৰ ৰচিদ নামৰ প্ৰৱক্তাগৰাকী ৷

প্ৰৱক্তা ৰচিদৰ পৰা জানিব পৰা মতে, যোৱা ২৯ জুনৰ দিনা তেওঁৰ বিএছএনএল মোবাইল নম্বৰৰ নথিপত্ৰসমূহৰ বৈধতাৰ সময়সীমা ওকলি গ’ল আৰু তাৰবাবে তেওঁলোকৰ গ্ৰাহক সুৰক্ষা কেন্দ্ৰৰ নম্বৰ ৭৪৭৯১৫০৯৫৮ৰ লগত যোগাযোগ কৰিবলৈ কয় ৷ অন্যথা সেই ফোন নম্বৰটো বন্ধ কৰি দিয়া হ’ব বুলি মেছেজ দিয়ে ৷ লগে লগে প্ৰৱক্তাগৰাকীয়ে নগাঁৱৰ বিএছএনএলৰ কাৰ্যালয়লৈ ইয়াৰ বিষয়ে জানিবলৈ বাৰে বাৰে ফোন কৰে যদিও ফোনটো কোনো এগৰাকী কৰ্মচাৰীয়েই নধৰিলে ৷

ইফালে তেওঁৰ ফোন নম্বৰটো বন্ধ হৈ যোৱাৰ ভয়ত তেওঁলৈ অহা মেছজত উল্লেখ থকা নম্বৰলৈ ফোন কৰাত  সিফালৰ পৰা দহ টকা জমা দিলেই হ’ব বুলি কৈ অতি কৌশলেৰে তেওঁৰ বেংক একাউণ্ট নম্বৰ, এটিএম নম্বৰ আৰু ইমেইল নম্বৰ লৈ অতি কম সময়ৰ ভিতৰতে একাউণ্টৰ পৰা প্ৰায় ৭০ হেজাৰ টকা হৰলুকি কৰে ৷ পাছত তেওঁলৈ বেংকৰ পৰা ধন সৰবৰাহ কৰা মেছেজ আহোতেহে সম্বিত ঘূৰি আহে ৷ লগে লগে প্ৰৱক্তাগৰাকী স্থানীয় ষ্টেট বেংকৰ শাখাত উপস্থিত হৈ একাউণ্টটো ব্লক কৰে যদিও সিমান সময়লৈ প্ৰায় সৰ্বশ্ৰান্ত হৈ পৰে প্ৰবক্তাগৰাকী ৷

প্ৰবক্তাগৰাকীয়ে অৱশ্যে যোৱা কালিৰ পৰা অসম চৰকাৰে আৰম্ভ কৰা চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাত অভিযোগ দাখিল কৰাৰ লগতে ধিং থানা আৰু ধিং ষ্টেট বেংকৰ শাখাটো অভিযোগ দাখিল কৰিছে যদিও তেওঁৰ সাঁচতীয়া ধনখিনি এইদৰে হেৰুৱাব লগা হোৱাত মূৰে-কপালে হাত দিছে ৷ চাইবাৰ অপৰাধীৰ এনে ন ন কৌশলৰ পৰা হাত সাৰি থাকিবলৈ ৰাইজক অধিক সাৱধান হ’বলৈ ধিং ষ্টেট বেংকৰ শাখা পৰিচালক ৰাজীৱ শইকীয়াই আহ্বান জনাইছে ৷

Exit mobile version