চাৰি ধনাঢ্যৰ সম্পত্তি ৩.৩৫ লাখ কোটি বৃদ্ধি : আদানীৰ সম্পত্তি হ্রাস

https d1e00ek4ebabms.cloudfront.net production 97ac0916 b38a 4e2e a65a 24eb5ee9d30f

দেশৰ শীর্ষ ধনাঢ্য ব্যৱসায়ীৰ সম্পত্তি পুনৰ বৃদ্ধি পালে। চলিত বৰ্ষৰ প্ৰথম ছমাহত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানী, আদানী গ্রুপৰ মুৰব্বী গৌতম আদানীসহ ভাৰতৰ চাৰিজন ধনাঢ্য ব্যৱসায়ীৰ সম্পত্তিৰ পৰিমাণ ৪৪.৭৫ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত ৩.৩৫ লাখ কোটি টকা বৃদ্ধি পালে।

অৱশ্যে ইয়াৰ মাজতে আদানীয়ে শেহতীয়াভাৱে কিছু লােকচানৰ সন্মুখীন হ’ব লগা হৈছে। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত যােৱা মাহত আদানীৰ স্থান আছিল ১৪ সংখ্যক, কিন্তু বর্তমানে এইজন ভাৰতীয় ধনাঢ্যই বিশ্বৰ সবাতােকৈ ধনী ব্যক্তি তালিকাত ১৯ সংখ্যক স্থান লাভ কৰিলে।

আদানীৰ সম্পত্তিৰ পৰিমাণ ৫.৮৪ লাখ কোটি টকাৰ পৰা ৪.৫২ লাখ কোটি টকালৈ হ্রাস পালে। ব্লুমবার্গ বিলিয়নে ইনডেক্সৰ তথ্য অনুসৰি, কৰ’নাৰ দ্বিতীয় সংক্ৰমণৰ পাছত ভাৰতৰ এইসকল ধনাঢ্য ব্যৱসায়ীৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পালে।

চলিত বৰ্ষত পৰিসংখ্যা অনুসৰি, দেশত কেৱল দুজন কোটিপতি ব্যৱসায়ীৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে। আম্বানী আৰু আদানীৰ লগতে চলিত বৰ্ষত ভাৰতীয় উদ্যোগপতি আজিম প্রেমজী আৰু লক্ষ্মী মিটুল, আৰ কে দামানীৰ সম্পত্তিৰ পৰিমাণে বৃদ্ধি পাইছে।

প্রেমজীৰ ৭.৩৪ বিলিয়ন ডলাৰ, মিউলৰ ৪.১ বিলিয়ন ডলাৰ আৰু দামানী ২.৪৩ বিলিয়ন ডলাৰৰ সম্পত্তি চলিত বৰ্ষৰ প্ৰথম ছমাহত বৃদ্ধি পালে।

Exit mobile version