দিনটোৰ ৰাশিফল

horoscope 1 1623694440

মেষ : আমােদ-প্রমােদ। সাহস আৰু দক্ষতা সমভাৱে লাভ কৰিব উপকৃত হ’ল। প্রেমত আনন্দ। মনত কিছু অহেতুক চিন্তাই ঠাই ললেও আপােনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। কর্মস্থানত আনন্দ। প্রেমত আনন্দ।

বৃষ : ধনৰ নাটনি। আর্থিক ব্যয় বৃদ্ধি পাব। পত্নী সুখ। বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। ব্যৱসায়ত মধ্যম।

মিথুন : আপােনজন ওচৰতে সহায় পাব। দায়িত্বপূর্ণ কামত মাংগিলক কৃতকার্য হােৱাৰ সম্ভাৱনা সময়ৰ নাটনি। মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতাে বেয়া নহ’ব। বিদ্যাত শুভ ফল। শৰীৰ মধ্যম।

কর্কট : সাহসৰ পৰিচায় পাব। কর্মস্থানত আয় বৃদ্ধি কাৰক। কর্ম ব্যস্ততা। সহযােগীৰ সহায়ত উৎসাহ পাব। নতুন কোনাে উদ্দেশ্যেত সফল হ’ব।

সিংহ : সফল ভ্রমণ হ’ব। যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ। আর্থিকত ব্যয় বৃদ্ধি পাব। বেংক কর্মচাৰীৰ শুভ। কোনাে কাৰণত মন চঞ্চল থাকিব।

কন্যা : শিক্ষক সহায় ল’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। মজলীয়া ভাৱে দিনটো পাৰ হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।

তুলা : প্রেমত সঁহাৰি পাব। উচ্চ বিদ্যাত সাফল্য লাভ। শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। আর্থিক, আয়ু বৃদ্ধি পাব। কোনাে প্রিয় লােকৰ যােগাযােগত আনন্দ।

বৃশ্চিক : সমস্যাৰ উদ্ভৱ হ’ব পাৰে। কর্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ।

ধনু : বিবাহৰ আলােচনা হ’ব। দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্ৰতি আওকাণ নকৰিব।

মকৰ : কৌশল আয়ত্ত, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল।

কুম্ভ : ছাত্র-ছাত্রী সুনাম। নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়।

মীন : খেতিয়াক কষ্ট হ’ব। আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। ৰাইজৰ লগত অতিৰিক্ত খৰচ। বিদ্যাত বেয়া বােলা নাযায়।

Exit mobile version