দিল্লীত ৰহস্যজনকভাবে মৃত্যু হোৱা অসমৰ ৰজি-চেমুৱেলৰ ঘটনাৰ প্ৰতিক্ৰিয়া কাৰ্বি আংলঙত

উপযুক্ত তদন্তৰ দাবী গাৰো ছাত্ৰ সন্থাৰ

WhatsApp Image 2021 07 01 at 6.52.57 PM

দিল্লীত ৰহস্যজনকভাবে এটা দিনৰ অগাপিছাকৈ মৃত্যুক আকোঁৱালি লোৱা দুই সমন্ধীয় ভাতৃ-ভগ্নীৰ কাহিনীয়ে জোকাৰি গৈছে কাৰ্বি আংলঙৰ বোকাজানৰ লগতে নগালেণ্ডৰ ডিমাপুৰ ৷

বোকাজান টিংলিজান গাৰো গাৱঁৰ বাসিন্দা তথা ডিমাপুৰত পৰিয়ালসহ বসবাস কৰা দুই সমন্ধীয় ভাতৃ ভগ্নী ৰজি চাংমা আৰু চেমুৱেল চাংমা কৰ্মসুত্ৰে দিল্লীত থাকে ৷

ৰজি চাংমা দিল্লী বিমান বন্দৰৰ কেবিন কিউ আৰু চেমুৱেল চাংমা ৰাজস্থানৰ এটা কল চেণ্টাৰত কৰ্মৰত ৷ ঘটনাৰ বিৱৰণী মতে ২৩ জুনৰ ৰাতি ৰজি চাংমাই হঠাতে অসুস্থ হৈ পৰাত ভাতৃ চেমুৱেলে হাৰিয়ানাৰ আলফা কেয়াৰ হেলথ চেণ্টাৰ নামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায় ৷

চিকিৎসকে ৰজিৰ দেহত হিমগ্লবিনৰ পৰিমাণ কম হোৱা বুলি কৈ আই.চি.ইউত ৰাখি অক্সিজেন দিয়ে ৷ পুৱালৈ যুৱতী গৰাকী ক্ৰমাত সুস্থ হৈ উঠে আৰু চিকিৎসকে আবেলি পৰ্যন্ত সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি চেমুৱেলক অৱগত কৰে ৷

এটা সময়ত চেমুৱেলে ঔষধ আনিবলৈ বাহিৰলৈ ওলাই যায় আৰু ঘূৰি আহি দেখে যে ৰজিয়ে আইচক্ৰীম খাই আছে ৷ চেমুৱেলে চিকিৎসাকৰ্মীয়ে আইচক্ৰীম খাবলৈ দিয়া বুলি জানিব পাৰি চিকিৎসাকৰ্মী আৰু চিকিৎসকৰ ওচৰত প্ৰতিবাদ কৰে আৰু মবাইলেৰে ভিডিঅ কৰিবলৈ লয় ৷

ইয়াতে খৰ্গহস্ত হৈ চিকিৎসকে চেমুৱেলক প্ৰহাৰ কৰে ৷ ইপিনে আই চি ইউত থকা ৰজিৰ মুখেৰে ফেন ওলাই কিছু সময়ৰ পাছতে মৃত্যুক আকোঁৱালি লয় ৷

চেমুৱেলে এই ঘটনা দিল্লীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সংগঠনক অৱগত কৰাৰ লগে লগেই চিকিৎসালয়ত সদস্যসকল উপস্থিত হয় আৰু আৰক্ষীক অৱগত কৰে ৷

সেইসময়তেই চেমুৱেলে তেওঁৰ কোম্পানীয়ে ঠিক কৰি দিয়া হোটেললৈ যায় ৷ বহুসময় ধৰি পৰিয়াল আৰু বন্ধুবৰ্গৰ ফোন নধৰাত চেমুৱেলৰ কোঠালৈ যায় তেওঁৰ বন্ধুবৰ্গ আৰু সমন্ধীয় লোক ৷

কিন্ত তেওঁলোকে চেমুৱেলক হোটেলৰ কোঠাত ফাঁচী লাগি ওলমি থকা প্ৰত্যক্ষ কৰে ৷ আৰক্ষীয়ে ৰজি আৰু চেমুৱেলৰ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ ইপিনে এই ঘটনাক সহজ ভাবে লব পৰা নাই পৰিয়াল আৰু গাৰো ছাত্ৰ সন্থাই ৷

কিহৰ বাবে আই চি ইউত থকা এগৰাকী ৰোগীক চিকিৎসাকৰ্মীয়ে আইচক্ৰীম খাবলৈ দিলে সেয়া ৰহস্যজনক বুলি তেওঁলোকে উল্লেখ কৰিছে ৷ ইপিনে হোটেলৰ কোঠাত চেমুৱেলে আত্মহত্যা কৰা নাই বুলি উল্লেখ কৰি তেওঁলোকে কয় যে চেমুৱেলৰ দেহত আঘাতৰ চিন আছিল আৰু তিনিটাকৈ দাঁত ভাঙি গৈছিল ৷

সেয়েহে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰে গাৰো ছাত্ৰ সন্থাই ৷ সেয়েহে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দি ৰজি-চেমুৱেলক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় কাৰ্বি আংলং গাৰো ছাত্ৰ সন্থাই ৷

Exit mobile version