নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে অনলাইন প’ৰ্টেল ৰাজ্যত

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নিৰ্দেশ

225154 himanta5

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পৰ্যালোচনা কৰে । এই পৰ্যালোচনা বৈঠকৰ আৰম্ভণিতে বিভাগটোৰ কাম-কাজ তথা পদক্ষেপসমূহক সামৰি এক প্ৰেজেণ্টেশ্যনো আগবঢ়োৱা হয় ।

বৈঠকত বিভাগীয় কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যৰ নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ প্ৰক্ৰিয়াটো অধিক সুষম কৰাৰ অৰ্থে এটা অনলাইন প’ৰ্টেল আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে । এই প’ৰ্টেলটোত ৰাজ্যখনৰ নিবনুৱাসকলে নিজৰ নাম বিনামূলীয়াকৈ পঞ্জীয়ন কৰাৰ লগতে কোনো নিবনুৱাই নিযুক্তি লাভ কৰাৰ পাছত নিজৰ নাম নিজাববীয়াকৈ যাতে প্ৰত্যাহাৰ কৰিব সেই সুবিধাও এই প’ৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয় ।

তেনেদৰে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পঞ্জীয়ন নৱীকৰণ নকৰিলে প্ৰাৰ্থীগৰাকীৰ নাম প’ৰ্টেলৰ পৰা আঁতৰ কৰা আৰু এই প’ৰ্টেলটোত আধাৰ নম্বৰ সংলগ্নকৰণেৰে নিবনুৱা যুৱক-যুৱতীসকলৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মিয়মান অৱস্থাত থকা ছয়খন আইটিআই শীঘ্ৰে কাৰ্যক্ষম কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ কয় যে, ইয়াৰ বাবে প্ৰয়োজনীয় পদ সৃষ্টিৰ ব্যৱস্থা কৰা হ’ব । আনহাতে, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ কাম-কাজ যাতে অধিক দ্ৰুতগতিৰে আগবঢ়াব পৰা যায় তাৰ বাবে বিশ্ববিদ্যালয়খনত উপাচাৰ্য এগৰাকী নিযুক্তি দিয়াৰ দিশত শীঘ্ৰে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে পৰিবহণ বিভাগৰ সৈতে সমন্বয়েৰে ৰাজ্যখনৰ পাঁচ হেজাৰ নিবনুৱা যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাই ।

এই পৰ্যালোচনা বৈঠকত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদীকে ধৰি বিভাগটোৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version