বোকাজানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

সেউজ কাৰ্বি আংলঙলৈ অশনি সংকেত। বোকাজানত বনাঞ্চল ধ্বংসৰ যজ্ঞৰ বাবে নামি পৰিছে একাংশ অসাধু বন ধংসকাৰী। বোকাজানৰ ললিত শৰ্মাই ঘৰৰ পাছফালে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ।

ADVERTISEMENT

ঘৰৰ পাছফালে লুকুৱাই ৰাখিছিল কাঠখিনি। কাঠ খিনিৰ বজাৰ মূল্য ১০ লাখতকৈও অধিক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে কাৰ্বি আংলঙৰ বিভিন্ন অসাধু ব্যৱসায়ীয়ে গছ বন কাটি বনাঞ্চল ধ্বংসৰ যজ্ঞ চলাই আহিছে।এই সকলোবোৰ দেখিও নিৰ্লিপ্ততাৰ ভূমিকা পালন কৰিছে বোকাজান বন বিভাগে।

অন্যহাতে বোকাজানৰ ডাৰোগা বাগানত ললিত শৰ্মাই দীৰ্ঘদিনৰ পৰা মূল্যবান কাঠৰ ছিণ্ডিকেট চলাই আহিছে। আচলতে ললিত শৰ্মাক বনাঞ্চল ধ্বংসৰ বাবে কোনে সেউজ সংকেত প্ৰদান কৰিলে? প্ৰকৃততে এই অসাধু ব্যৱসায়ীসকলক কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বোকাজান বন বিভাগে সেয়া লক্ষণীয় হ’ব ৷

Exit mobile version