হাইস্কুল শিক্ষান্ত পৰীক্ষা-হাই মাদ্ৰাছাৰ ফলাফল ঘোষণাৰ মূল্যাংকন পদ্ধতি

board exam 1608983384

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলযোগে ছেবাৰ কাৰ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ফলাফল ঘোষণাৰ মূল্যাংকন পদ্ধতি ঘোষণা কৰে । দুটা পদ্ধতিত মূল্যাংকন কৰা হ’ব ।

যিসকল ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি দশম শ্ৰেণীত উত্তীৰ্ণ হৈছিল আৰু দশম শ্ৰেণীত প্ৰি ব’ৰ্ড/ প্ৰি টেষ্ট অনুষ্ঠিত হৈছিল সেইসকলৰ বাবে হ’ব এক নাম্বৰ পদ্ধতি ।

যিসকল শিক্ষাৰ্থীয়ে নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি দশম শ্ৰেণীত উত্তীৰ্ণ হৈছিল আৰু বিভিন্ন কাৰণত প্ৰি ব’ৰ্ড/ প্ৰি টেষ্ট অনুষ্ঠিত হোৱা নাই তেওঁলোকৰ বাবে হ’ব পদ্ধতি দুই ।

পদ্ধতি একঃ
● নৱম শ্ৰেণীৰ পৰা ৪০ শতাংশ নম্বৰ দিয়া হ’ব
● দশম শ্ৰেণীৰ পৰা ৪০ শতাংশ
● ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি, এছাইনমেণ্টৰ ভিত্তিত বিদ্যালয়সমূহে ২০ শতাংশ নম্বৰ দিব ।

পদ্ধতি দুইঃ
● নৱম শ্ৰেণীৰ পৰা ৭০ শতাংশ নম্বৰ দিয়া হ’ব ।
● শিক্ষাৰ্থীসকলৰ উপস্থিতি, এছাইনমেণ্টৰ ভিত্তিত বিদ্যালয়সমূহে ৩০ শতাংশ নম্বৰ দিব ।

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাংকন কৰিব বিদ্যালয়সমূহে ।

শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিটেৰে চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব, তাৰ বাবে তেওঁলোকে দিব লাগিব এক বিশেষ পৰীক্ষা ।

Exit mobile version