ধুবুৰী আৰক্ষীৰ অভিযানত উদ্ধাৰ নিচাজাতীয় টেবলেট আৰু কফছিৰাপ

WhatsApp Image 2021 07 02 at 7.16.53 PM 1

ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ কলেজ ৰোডৰ বটতল অঞ্চলত অভিযান চলায় ।

চহৰখনৰ ইন্দিৰা গান্ধী পথৰ তাজৰুল শেখৰ পুত্ৰ ৰাজীৱ শেখ নামৰ যুৱক এজনে এখন বেগত এইসমূহ নিচাজাতীয় টেবলেট আৰু কফছিৰাপ লৈ খোজকাঢ়ি যোৱাৰ সময়তে সন্দেহ কৰে আৰক্ষীয়ে ।

তাৰ পাছতেই আৰক্ষীয়ে যুৱকজনৰ বেগৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় দ্ৰব্য উদ্ধাৰ কৰি জব্দ কৰে। পাছত কলেজ নগৰ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version