পিতৃৰ বিৰুদ্ধে গােচৰত পৰাজয় পপতাৰকা ব্রিটনীৰ

2a22315f696b3c73f42c2652d8d7da6961 britney spears.rsquare.w1200

পিতৃৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈ এক গােচৰত পৰাজিত হ’ল আমেৰিকাৰ জনপ্রিয় পপ তাৰকা ব্রিটনী স্পীয়াৰ্ছ। গ্ৰেমী বঁটা বিজেতা সংগীত শিল্পীগৰাকীয়ে পিতৃ জেমী স্পীয়াছৰ ৰক্ষণাবেক্ষণৰ পৰা মুক্ত হ’বলৈ আদালতত আবেদন দাখিল কৰিছিল।

তথাকথিত ‘কনজাৰভেটৰশ্বিপ’ গােচৰত অৱশেষত লছ এঞ্জেলছৰ এখন আদালতে ব্রিটনীৰ আবেদনৰ বিৰুদ্ধে ৰায় দিয়ে। উল্লেখ্য যে বিগত প্রায় ১৩ বছৰ ধৰি ব্রিটনী তেওঁৰ পিতৃৰ জিম্মাত আছে।

সংগীত শিল্পীগৰাকীৰ কৰ্মজীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ সন্দৰ্ভত প্রয়ােজনীয় সিদ্ধান্ত গ্রহণৰ অধিকাৰ আদালতে ব্রিটনীৰ পিতৃক প্রদান কৰিছিল।

ব্রিটনীৰ মানসিক অসুস্থতাৰ কাৰণ প্ৰদৰ্শন কৰি আদালতে তেওঁৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পিতৃক অর্পণ কৰিছিল। কিন্তু অলপতে ব্রিটনীয়ে লছ এঞ্জেলছৰ আদালতত এই ৰায়ৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল।

আদালতে ব্রিটনীৰ আবেদন প্রত্যাখ্যান কৰাত জনপ্রিয় শিল্পীগৰাকীয়ে পিতৃৰ জিম্মাতে মানসিকভাৱে সম্পূর্ণ সুস্থ নােহােৱালৈকে থকাটো নিশ্চিত হল।

Exit mobile version