৫৯ হেজাৰ লিংক আঁতৰাই দিলে গুগলে, কেন্দ্ৰৰ নতুন ডিজিটেল আইন অনুসৰণ কৰি পদক্ষেপ

google iphone mobile ss 1920

ভাৰতৰ নতুন ডিজিটেল আইন অনুসৰণ কৰি কঠোৰ পদক্ষেপ গুগলৰ । ইউটিউবসহ ৫৯ হেজাৰ ৩৫০টা লিংক আঁতৰাই দিলে গুগলে ।

গুগলৰ দাবী, এপ্ৰিলত ২৭ হেজাৰ ৭১৬টা অভিযোগ লাভ কৰিছে তেওঁলোকে । ইয়াৰ ভিতৰত আটাইতকৈ বেছি কপিৰাইটৰ অভিযোগে । ভাৰতত তেওঁলোকৰ প্ৰদাক্টৰ পৰা আঁতৰাই দিয়া লিংকসমূহৰ ভিতৰত ইউটিউবৰ লিংকো আছে ।

অভিযোগ পোৱাৰ পাছতে কঠোৰ হৈছে সামাজিক মাধ্যম সংস্থা ‘কু’-ও । নতুন ডিজিটেল আইন আৰম্ভ হোৱাৰ পাছত অভিযোগ সংক্ৰান্ত বিষয় লৈ প্ৰতিবেদন প্ৰকাশ কৰিলে তেওঁলোকে । বেংগালুৰুৰ এই সংস্থাই জনায়, তেওঁলোকে ৫,৫০০টা অভিযোগ লাভ কৰিছে । ইয়াৰ ভিতৰত এহেজাৰ ২৫৩টা অভিযোগৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে ।

কু-ৰ চিইঅ’ অপ্ৰায্যমেয় ৰাধাকৃষ্ণণ‌ই জনায়, ভাৰতত কু-ৱে ধনাত্মক সঁহাৰি লাভ কৰিছে । তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ভাৰত চৰকাৰৰ সকলো নীতি-নিয়ম মানি চলিব । নতুন নিয়ম অনুযায়ী কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, তাৰ প্ৰথম প্ৰতিবেদন প্ৰকাশ কৰা হ’ল বুলি জনায় ৰাধাকৃষ্ণণ‌ই ।

নতুন ডিজিটেল আইন জাৰি হোৱাৰ পাছত প্ৰথম প্ৰতিবেদন প্ৰকাশ কৰিলে গুগল আৰু কু-ৱে । ফেচবুকে এই পৰ্যন্ত তেওঁলোকৰ পদক্ষেপ সম্পৰ্কে কোনো প্ৰতিবেদন প্ৰকাশ কৰা নাই । অৱশ্যে ফেচবুকৰ তৰফৰ পৰা জনোৱা হৈছে, শুকুৰবাৰেই তেওঁলোকে প্ৰতিবেদন প্ৰকাশ কৰিব ।

Exit mobile version