ইনষ্টাগ্রামত এটা পষ্টতে ৰােণাল্ডােৰ উপার্জন ১২ কোটি

বিশ্বৰ শীর্ষ ২০ তাৰকাৰ ভিতৰত একমাত্র ভাৰতীয় কোহলি

2987

বয়স যিমানেই বাঢ়িছে ফুটবল দক্ষতাৰ সমান্তৰালকৈ জনপ্রিয়তাও সিমানেই বৃদ্ধি পাইছে ক্রিষ্টিয়ানাে ৰােণাল্ডােৰ। সামাজিক মাধ্যমত ইনষ্টাগ্রামৰ পৰা কৰা উপার্জনেই সেই ইংগিত দিছে।

ইনষ্টাগ্রামৰ পৰা উপার্জন কৰা তাৰকাসকলৰ আয়ৰ হিচাপত সমগ্র বিশ্বতে শীর্ষত আছে পর্তুগালৰ ফুটবল মহাতাৰকাজন। ৰােণাল্ডােৱে ইনষ্টাগ্রামত প্ৰতিটো প’ষ্টৰ বাবদ উপার্জন কৰে প্ৰায় ১২ কোটি টকা।

সম্প্রতি ইনষ্টাগ্রামৰ তৰফৰ পৰা সর্বাধিক আয় কৰা প্রথম ২০জন তাৰকাৰ নাম প্রকাশ কৰা হৈছে। এই ২০জনীয়া তালিকাত থকা একমাত্র ভাৰতীয়জন হৈছে।

ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি। বিশ্বৰ অন্যতম শ্রেষ্ঠ বেটমেনজন আছে। তালিকাত ১৯সংখ্যক স্থানত। ভাৰতীয় অধিনায়কৰ প্ৰতিটো প’ষ্টৰ মূল্য প্রায় পাঁচ কোটি ১০ লাখ টকা।

উল্লেখ্য যে ভাৰতীয় ক্রিকেট ব’র্ডৰ স’তে থকা চুক্তি অনুসৰিও ব’র্ডৰ পৰা কোহলিৰ বার্ষিক আয় হৈছে সাত কোটি টকা। ইয়াৰ উপৰি প্রত্যেক মেচ ফী,খেলৰ পুৰস্কাৰৰ ধন, বিজ্ঞাপন-স্পনছ’ৰ আদিৰাে আয় আছে।

আনহাতে, ইনস্টাগ্রামৰ উপার্জনৰ ক্ষেত্ৰত ফুটবল খেলপথাৰত ৰােণাল্ডােৰ মূল প্রতিদ্বন্দ্বী লিয়নেল মেছি কিছু। পিছপৰি আছে। আর্জেন্টিনাৰ মহাতাৰকাজন আছে তালিকাৰ সপ্তম স্থানত। ইনষ্টাগ্রামত মেছিৰ প্ৰতিটো প’ষ্টৰ মূল্য প্রায় আঠ কোটি ৭০ লাখ টকা।

১৬ নম্বৰত আছে ব্রাজিল মহাতাৰকা নেইমাৰ। তেওঁৰ উপার্জন প্রায় ছয় কোটি ২০ লাখ টকা। উল্লেখ্য যে ২০জনীয়া তালিকাখনৰ দ্বিতীয় স্থানত আছে প্রাক্তন ডব্লিউডব্লিউই তাৰকা ডুয়েইন জনছন।

হলিউদৰ ছবিতে অভিনয় কৰা জনছনে প্রতি প’ষ্টৰ বাবদ উপার্জন কৰে প্রায় ১১ কোটি ৪০ লাখ টাকা।

Exit mobile version