বড়ো যুৱক-যুৱতীক সৈনিকত যোগদান সম্পৰ্কে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান চিআৰপিএফৰ

WhatsApp Image 2021 07 03 at 5.21.31 PM 2

বাগসাৰ শালবাৰীৰ খুচুৰাবাৰীস্থিত চিআৰপিএফৰ ১০ নম্বৰ বেটেলিয়নৰ উদ্যোগত বিশেষকৈ বড়ো যুৱক যুৱতীসকলক সামৰিক বাহিনীত ভৰ্তি হোৱাৰ উদ্দেশ্য খুচুৰাবাৰী চিআৰপিএফ বাহিনীৰ শিবিৰত আজি এক বিনামুলীয়া প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

বিটিআৰৰ বড়ো যুৱক যুৱতীক সামৰিক বাহিনীৰ প্ৰতি আগ্ৰহী কৰিবলৈ প্ৰচেষ্টা আগবঢ়ায় চিআৰপিএফ জোৱানসকলে। শিবিৰটোৰ এগৰাকী বিষয়া ব্ৰিজেশ কুমাৰে কয় যে ওপৰৰ পৰা প্ৰাপ্ত নিৰ্দেশ অনুসৰি খুচুৰাবাৰীৰ লগতে গাতে লাগি থকা অঞ্চলৰ বড়ো যুৱক যুৱতীসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ৩০০ বড়ো যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে৷ ফৌজৰ চাকৰিৰ বাবে কেনেকুৱা ধৰণৰ অৰ্হতাৰ প্ৰয়োজন,স্বাস্থ্য কেনেকুৱা হোৱা উচিত,শাৰীৰিকভাবে কেনেধৰণে সক্ষম হ’ব লাগিব,দেশৰ বাবে ফৌজৰ কিয় প্ৰয়োজন,দেশখনক লৈ যুৱপ্ৰজন্মৰ কৰিবলগা কি কি আছে আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় প্ৰশিক্ষণৰ সময়ছোৱাত।

আলোচনাকালত উপস্থিত সকলোৱে ফৌজত ভৰ্তি হৈ দেশৰ বাবে কিবা এটা মহৎ কাম কৰি যাব বিচৰাৰ কথা উল্লেখ কৰে৷ ছাত্র ছাত্রী সকলৰ সন্মুখত ভাষণৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰে খুচুৰাবাৰীস্থিত চিআৰপিএফ শিবিৰৰ কোমাণ্ডাৰ ব্ৰিজেশ কুমাৰ, সহকাৰী কোমাণ্ডাৰ ৰাকেশ যাদব সমন্বিতে কেবাগৰাকী প্ৰশিক্ষকে ৷

অনুষ্ঠানটিত উপস্থিত থাকে বাহঁবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আলাৰাম গয়াৰী, খুচুৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নন্দেশ্বৰ স্বৰ্গীয়াৰী, খুচুৰাবাৰী বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ ওৱাৰীকে ধৰি কেবাগৰাকী নেতৃস্থানীয় ব্যক্তি ৷

Exit mobile version