ফিক্সড ডিপ’জিটত বেংকতকৈ অধিক সুত দিব এইটো সংস্থাই

636759070962591324 bajaj

বেংকৰ ফিক্সড ডিপ’জিট আঁচনি হৈছে বিনিয়ােগৰ অন্যতম নিৰ্ভৰযােগ্য মাধ্যম। এই আঁচনি কৰৰ আওতাত পৰে, অর্থাৎ ইয়াৰ পৰা হােৱা উপার্জন কৰযােগ্য।

গতিকে লাভৰ পৰিমাণ অন্য আঁচনিৰ তুলনাত কিছু কম ইয়াত। কিন্তু লাভ নহ’লেও লােকচানৰাে ভয় নাই বাবে এই আঁচনিৰ সুতৰ হাৰ ইকুইটি বা সমাংশতকৈও কম।

পিছে সুতৰ হাৰ যিমানেই কম নহওক কিয় বা কৰ যিমানেই ভৰিবলগীয়া নহওক কিয়, বেংকৰ ফিক্সড ডিপজিট আঁচনিত ৰিটাৰ্ণ নিশ্চিত। সেয়েহে কম শংকাৰ বিনিয়ােগ হিচাপে আজিও সাধাৰণ ভাৰতীয়ৰ বাবে বিনিয়ােগৰ প্রথম পছন্দ বেংকৰ ফিক্সড ডিপজিট।

পিছে বিভিন্ন বেংকে ফিক্সড ডিপজিটত কম সুতৰ হাৰ দি থকাৰ পৰিৱর্তে কেতবােৰ অনা-বেংকিং বিত্তীয় প্রতিষ্ঠানে (NBFCs) গ্রাহকক তুলনামূলকভাৱে অধিক সুত দিবলৈ আৰম্ভ কৰিছে শেহতীয়াকৈ। এনে এক প্রতিষ্ঠান হৈছে বাজাজ ফাইনেঞ্চ।

এই প্রতিষ্ঠানটোৱে সম্প্রতি অনলাইন ফিক্সড ডিপজিটৰ ওপৰত অধিক সুত আগবঢ়োৱাৰ সমান্তৰালভাৱে গ্রাহকসকলক অন্য বিভিন্ন বিত্তীয় তথা বিনিয়ােগৰ সুবিধা প্রদান কৰিছে।

বিশেষকৈ যিসকল বিনিয়ােগকাৰীয়ে দীর্ঘ ম্যাদৰ বাবে (Long Term Investment) বিনিয়ােগ কৰিব বিচাৰে, তেওঁলােকে এই প্রতিষ্ঠানটোৰ দ্বাৰা এক লাভজনক বিকল্পৰ সন্ধান পাব পাৰে। বর্তমান সময়ত দেশৰ বিভিন্ন চৰকাৰী বেংকসমূহে সাত দিনৰ পৰা ১০ বছৰৰ বাবে কৰা ফিক্সড ডিপজিটত গ্রাহকক ৫.৩০ৰ পৰা ৬.৫০ শতাংশ সুত প্রদান কৰি থকাৰ বিপৰীতে ডাকঘৰে এই ধৰণৰ আঁচনিত দি আছে ৫.৫০ৰ পৰা ৬.৭০ শতাংশ সুত।

একেদৰে বেংকৰ এফডিত জ্যেষ্ঠ নাগৰিকসকলে ৫.৮০ৰ পৰা ৬.৫০ শতাংশ সুত লাভ কৰাৰ বিপৰীতে ডাকঘৰৰ ক্ষেত্ৰত এই হাৰ ৫.৫০ৰ পৰা ৬.৭০ শতাংশতে সীমিত। কিন্তু বাজাজ ফাইনেঞ্চে একৰ পৰা পাঁচ বছৰলৈকে কৰা এফডিৰ ওপৰত সাধাৰণ গ্রাহকক ৫.৬৫ৰ পৰা ৬.৬০ শতাংশলৈকে সুত প্রদান কৰিব এতিয়াৰে পৰা।

সমান্তৰালভাৱে জ্যেষ্ঠ নাগৰিকৰ বাবেও ৫.৯০ৰ পৰা ৬.৭৫ শতাংশলৈকে সুত আগবঢ়াব প্ৰতিষ্ঠানটোৱে।

Exit mobile version