বিচ্ছেদ ঘোষণাৰ পাছত আমিৰ-কিৰণৰ হাতে হাত ধৰি ভিডিঅ’ বাৰ্তা

03 07 2021 aamir kiran2 21794980 134634776

দাম্পত্য জীৱনৰ অন্ত পৰিলেও তেওঁলোকৰ বন্ধুত্ব যে ‘অটুট’, অনুৰাগীসকলক এটা ভিডিঅ’ বাৰ্তাযোগে জনালে আমিৰ খান আৰু কিৰণ ৰাৱে ।

অনুৰাগীসকলক উদ্দেশ্যি অভিনেতাজনে কয়, ‘আপোনালোক নিশ্চয় দুঃখিত । খবৰটো পায় হয়টো বহুতে আচৰিতো হৈছে । কিন্তু আপোনালোকক জনাব বিচাৰো যে, পৃথক হ’লেও আমি সুখী আৰু এটা পৰিয়লৰে অংশ ।’

ইয়াৰ পাছতেই লগত চুপ হৈ বহি থকা কিৰণৰ হাত ধৰি আমিৰৰ আশ্বাস, সম্পৰ্কত পৰিৱৰ্তন আহিলেও একেলগেই থাকিব তেওঁলোক ।

অনুৰাগীসকলক আমিৰৰ অনুৰোধ, ‘আপোনালোকে আমাক লৈ চিন্তিত নহ’ব । আমি যাতে সুখী হ‌ওঁ, তাৰে প্ৰাৰ্থনা কৰক ।’ সম্পূৰ্ণ ভিডিঅ’টোত কিৰণে এটা শব্দ‌ও নকয় । কিন্তু তেওঁৰ সন্মতিসূচক হাঁহিৰ দ্বাৰা বুজিব পাৰি যে আমিৰৰ স’তে একমত তেওঁ ।

তেওঁৰ বিচ্ছেদৰ খবৰ লাভ কৰাৰ পাছতেই অনুৰাগীসকলৰ পৰা বাৰ্তা লাভ কৰিছে আমিৰ-কিৰণে । সেয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে দম্পতীহালে । বলীউডৰ পাপাৰাজি ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল ভিডিঅ’টো ।

যোৱা শনিবাৰে যৌথ বিবৃতিতো একেই কথা জনাইছিল আমিৰ আৰু কিৰণে । বিবাহ বিচ্ছেদক তেওঁলোকৰ শেষ হিচাপে নহয়, নতুন এক যাত্ৰাৰ আৰম্ভণি হিচাপে ল’বলৈ অনুৰোধ কৰে অনুৰাগীসকলক ।

পিতৃ-মাতৃ হিচাপে সন্তানৰ সকলো দায়িত্ব পালন কৰিব তেওঁলোকে । জীৱিকাত ব্যক্তিগত জীৱনৰ সিদ্ধান্তৰ চাপ নপৰে বুলিও জনায় ।

Exit mobile version