এজোপা গছতেই ১২১ প্ৰজাতিৰ আম !

982617 fotojet

একত ১২১ ! এয়া হৈছে আমৰ প্ৰজাতিৰ সংখ্যা । মাত্ৰ এজোপা গছত লাগিছে ইমান সংখ্যক ভিন্ন প্ৰজাতিৰ আম !

শুনি আচৰিত হ’লেও এই আশ্চৰ্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ শ্বাহৰণপুৰত । অৱশ্যে, ই যাদু নহয়, ই বিজ্ঞান । গ্ৰাফ্টিঙৰ জৰিয়তে, উদ্যানবিশেষজ্ঞসকলে এজোপা গছত এই ১২১ প্ৰকাৰৰ আম খেতি কৰিছে ।

শ্বাহৰণপুৰত যোৱা ১৫ বছৰ ধৰি অন্যতম আকৰ্ষণীয় এই আম গছ । এই সন্দৰ্ভত এক দশক আগতে উদ্যানশস্য প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা এক বৈজ্ঞানিক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। পৰীক্ষাটোৰ উদ্দেশ্য আছিল নতুন প্ৰকাৰৰ আম প্ৰস্তুত কৰা, যিবোৰৰ সোৱাদো পৃথক হ’ব । সেই পৰীক্ষাতে এই ফলাফল পোৱা গৈছে । একেটা গছতে বিভিন্ন ধৰণৰ সোৱাদযুক্ত আম আছে যেনে – দশেৰা, চৌচা, ৰামকেলা, আম্ৰপালি, শ্বাহৰণপুৰ অৰুণ, শ্বাহৰণপুৰ বৰুণ, শ্বাহৰণপুৰ সৌৰভ, শ্বাহৰণপুৰ গৌৰৱ ।

এই সন্দৰ্ভত উদ্যান শস্য আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ যুটীয়া সঞ্চালক ভানু প্ৰকাশ ৰামে কয়, “উত্তৰপ্ৰদেশৰ শ্বাহৰণপুৰ আম উৎপাদনৰ বাবে বিখ্যাত । ইয়াতেই আমৰ পৰীক্ষা কৰা হৈছে । এতিয়া নতুন প্ৰকাৰৰ আমৰো গৱেষণা চলি আছে । তাৰেই ফলস্বৰূপ এই গছ আৰু ইয়াৰ উৎপাদন ।’

Exit mobile version