এমেজন ত্যাগ বেজ’ছৰ, সমাজসেৱা-মহাকাশ গৱেষণাত কৰিব মনােনিৱেশ

106569797 1591649109683gettyimages 1032942656

গ্রন্থ বিপণনৰ ব্যৱসায়ৰ জৰিয়তে ব্যৱসায়িক জীৱন আৰম্ভ কৰা জেফ বেজ’ছে এমেজনৰ দৰে বিশ্বৰ সর্ববৃহৎ ই-কমার্চ প্রতিষ্ঠান গঢ় দি বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছিল।

কিছুদিন পূর্বে বেজ’ছে এমেজন ত্যাগ কৰিব বুলি ঘােষণা কৰিছিল। অৱশেষত ২৭ বছৰ ধৰি উক্ত প্রতিষ্ঠানত কৰ্মৰত হােৱাৰ পাছত মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰিলে বেজ’ছে।

এতিয়াৰে পৰা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তিজনে তেওঁৰ মহাকাশ গৱেষণা প্রতিষ্ঠান ব্লু অৰিজিনৰ কাম-কাজত মনােনিৱেশ কৰিব বিচাৰিছে।

এমেজনৰ উক্ত কাৰ্যবাহী বিষয়াৰ পদত এণ্ডি জেছিক অর্পণ কৰি শনিবাৰে বেজ’ছে কয় যে এতিয়াৰে পৰা তেওঁ মহাকাশ গৱেষণাৰ লগতে সমাজসেৱামূলক কাম-কাজত নিজক নিয়ােজিত কৰিব।

এমেজনৰ সম্প্রতি বজাৰ মূল্য হৈছে ১.৭ ত্রিলিয়ন ডলাৰ। আনহাতে, ২০২০ বৰ্ষত প্রতিষ্ঠানটোৱে ৩৮৬ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছিল।

Exit mobile version