ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সন্দৰ্ভত সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাক লৈ সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতি ৷

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ লগতে প্ৰতিখন জিলাত চৰকাৰী চাহ ফেক্টৰী স্থাপন কৰা আৰু ক্ষুদ্ৰ চাহ খেতিয়কে ব্যৱহাৰ কৰা হাৰ আৰু দৰবৰ মূল্য হ্ৰাস কৰাৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে অনাগত দিনসমূহত যদি ব্যক্তিগত চাহ ফেক্টৰীসমূহৰ ওপৰত চৰকাৰ তথা প্ৰশাসনে মূল্য নিয়ন্ত্ৰণ নকৰে তেন্তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক আন্দোলন কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

Exit mobile version