ফ্ল’ৰত আহিল আলিয়াৰ প্ৰথম প্ৰযোজনা

Alia bhatt 1

শনিবাৰৰ পৰা আৰম্ভ হ’ল আলিয়া ভট্টৰ প্ৰযোজিত প্ৰথম ছবি ‘ডাৰ্লিংছ’ৰ শ্বুট । ছবিখনৰ সহ-প্ৰযোজনা কৰিছে শ্বাহৰুখ খানৰ প্ৰযোজনা সংস্থাই । প্ৰথম দিনাৰ শ্বুট আৰম্ভ হোৱাৰ পূৰ্বে ইনষ্টাগ্ৰামত এটা আৱেগজনক প’ষ্ট কৰে আলিয়াই । প’ষ্টত লিখে, ‘মোৰ প্ৰথম পৰিচয়ৰ দৰেই অভিনেতা থাকিব । সেয়ে উদ্বিগ্ন অভিনেতা ।’

সকলো ছবিৰ শ্বুটিঙৰ পূৰ্বে আলিয়া ভয়ে ভয়ে থাকে । তেওঁ কয়, ‘শ্বুটিং আৰম্ভ হোৱাৰ আগদিনা নিশা অস্বস্তি লাগে । গোটেই ৰাতি সকলোবোৰ জোট লাগি ধৰাৰ দৰে লাগে । পাছদিনা ১৫ মিনিট আগতেই ফ্ল’ৰত উপস্থিত হ‌ওঁ, যাতে একো সমস্যা নহয় ।’ এই ছবিৰ ক্ষেত্ৰত অস্বস্তি কিছু বেছি, কাৰণ তেওঁ এইবাৰ নতুন দায়িত্ব গ্ৰহণ কৰিছে । ছবিখনত তেওঁৰ লগত থাকিব ছেফালি শ্বাহ, বিজয় বৰ্মা আৰু ৰোশন মেথিউ । সহ-অভিনেতাসকলৰ মান ৰাখি কাম কৰিবৰ বাবে তেওঁ অনুৰাগীসকলৰ পৰা শুভেচ্ছা বিচাৰিছে ।

তেওঁৰ এই টুইটত মন্তব্য কৰিছে আলিয়াৰ অন্যতম ‘প্ৰিয়’ অভিনেতা শ্বাহৰুখ খানে । তেওঁ কয়, ‘তোমাৰ পৰৱৰ্তী হ’ম প্ৰডাকচনটো মোক ল’বা । ম‌ই সময়মতে শ্বেটত উপস্থিত হ’ম আৰু বৃত্তিধাৰীৰ দৰে কাম কৰিম । প্ৰতিশ্ৰুতি !’

এই টুইটৰ প্ৰত্যুত্তৰত আলিয়াই কয়, ‘চুক্তি স্বাক্ষৰ হৈ গ’ল । ইয়াতকৈ বেছি আৰু কি লাগে !’

Exit mobile version