২০২২ত যােগীক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী হ’ব নিদিয়ে ওৱেইছিয়ে, প্রত্যাহ্বান গ্রহণ বিজেপিৰ

we wont let yogi adityanath return as cm says asaduddin owaisi

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। ওৱেইছিয়ে এক ৰেলীত অংশ লােৱাৰ সময়ত ঘােষণা কৰি কৈছিল ইনছাহআল্লাহ যােগীক দ্বিতীয়বাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী হ’বলৈ নিদিওঁ।

ওৱেইছি এই মন্তব্যৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে। সংবাদ মাধ্যমৰ আগত যােগীয়ে ওৱেইছিৰ প্ৰত্যাহ্বানৰ সন্দৰ্ভত কয়, “ওৱেইছি দেশৰ এজন বিয়াগােম নেতা।

যদি তেওঁ ২০২২ত বিধানসভা নির্বাচনত বিজেপিক প্রত্যাহ্বান জনাব বিচাৰিছে, তেন্তে দলৰ প্রতিজন সদস্যই এই প্রত্যাহান স্বীকাৰ কৰিছে। এই কথাত কোনাে সন্দেহ নাই যে অহা বছৰত পুনৰ উত্তৰ প্ৰদেশত বিজেপিয়ে চৰকাৰ গঠন কৰিব।

উল্লেখ্য যে ওৱেইছিয়ে কিছুদিন পূর্বে ঘােষণা কৰি কৈছিল যে উত্তৰ প্ৰদেশত অহা বছৰত অনুষ্ঠিত হ’ব লগা বিধানসভা নির্বাচনত এ আই এম আই এম দলে ১০০ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব।

উত্তৰ প্ৰদেশত কোনােপধ্যে দ্বিতীয়বাৰৰ বাবে যােগীক মুখ্যমন্ত্রী হ’বলৈ এ আই এম আই এমে নিদিয়ে বুলি ওৱেইছিয়ে দাবী কৰিছিল।

Exit mobile version