চাৰধাম যাত্ৰাত স্থগিতাদেশ জাৰি উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

navbharat times

পহিলা জুলাইৰ ভিতৰত আৰম্ভ হোৱাৰ কথা আছিল চাৰধাম যাত্ৰা । কিন্তু উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ক’ভিড সংক্ৰমণৰ কথা বিবেচনা কৰি চাৰধাম যাত্ৰা স্থগিত ৰাখিছে। ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশক প্ৰত্যাহ্বান জনাই মঙলবাৰে উচ্চতম ন্যায়ালয়লৈ গৈছে। বুধবাৰে শীৰ্ষ আদালতত এই আবেদনৰ শুনানি হব ।

ADVERTISEMENT

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত উত্তৰাখণ্ড চৰকাৰে ইতিমধ্যে চাৰধাম যাত্ৰা স্থগিত ৰাখিছে। পৰৱৰ্তী নিৰ্দেশ নোপোৱাৰ পৰ্যন্ত এই যাত্ৰা বন্ধ থাকিব বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

চাৰধাম যাত্ৰাৰ বাবে এটা নতুন ক’ভিডবিধি জাৰি কৰিছিল উত্তৰাখণ্ড চৰকাৰে । যাত্ৰাৰ প্ৰথম পৰ্যায়টো আছিল এক জুলাইত। যাত্ৰাৰ দ্বিতীয় পৰ্যায়টো ১১ জুলাইত নিৰ্ধাৰণ কৰা হৈছিল।

যি সময়ত দেশৰ ক’ভিড পৰিস্থিতি শীৰ্ষত আছিল, উত্তৰাখণ্ড চৰকাৰে কুম্ভ মেলাক অনুমতি দিয়াৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল। গংগা স্নানৰ বাবে লাখ লাখ তীৰ্থযাত্ৰী আক্ৰান্ত হৈছিল। ক’ভিড নিয়ম পালন নকৰাৰ ব্যাপক অভিযোগও উত্থাপিত হৈছিল।

Exit mobile version