গুৱাহাটী বিশ্ববিদ্যালয়ৰ চুক্তিভিত্তিক শিক্ষকক অব্যাহতিৰ নিৰ্দেশ স্থগিত

আলোচনা হ'ব শৈক্ষিক-কাৰ্যবাহী পৰিষদত

GU Students must upload answer sheets within one hour of completion of exam 1

ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চুক্তিভিত্তিক অধ্যাপকসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশনা কালি সাময়িকভাৱে প্ৰত্যাহাৰ কৰে । গুৱাহাটী বিশ্ববিদ্যালয় আইনৰ অধীনত বিশেষ ক্ষমতাৰে উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে নিৰ্দেশটো প্ৰত্যাহাৰ কৰি বিষয়টো শৈক্ষিক পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ বৈঠকলৈ ঠেলি দিয়ে । অহা ১০ জুলাইত শৈক্ষিক পৰিষদৰ আৰু ১২ জুলাইত কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে সদৰী কৰে ।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক মান অৱনমিত হোৱা আৰু পুঁজিৰ নাটনিৰ কাৰণ দৰ্শাই আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশমৰ্মে শিক্ষানুষ্ঠানখনত কৰ্মৰত চুক্তিভিত্তিক অধ্যাপকসকলক যোৱা ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ যোৱা দুই জুলাইত পঞ্জীয়কে জাৰি কৰিছিল ।

লগে লগে বিষয়টোৱে ৰাজ্যৰ শিক্ষাখণ্ডত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । এনে সিদ্ধান্ত‌ই বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থাটো যথেষ্ট ক্ষতিগ্ৰস্ত কৰাৰ আশংকাৰ সৃষ্টি হয় । কাৰণ নিৰ্দেশটোৰ ফলত অৰ্ধশতাধিক চুক্তিভিত্তিক অধ্যাপকৰ অব্যাহতি নিশ্চিত হৈ পৰে ।

Exit mobile version